বাক্সাত জিলা আয়ুক্তৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন - assam flood 2024 - FLOOD AFFECTED AREA

🎬 Watch Now: Feature Video

thumbnail
বাক্সা জিলা আয়ুক্তৰ ভাষ্য (ETV Bharat assam)

By ETV Bharat Assamese Team

Published : June 19, 2024 at 7:57 AM IST

1 Min Read
Choose ETV Bharat

বৰপেটাৰোড, 19 জুন : বাক্সাৰ বানাক্ৰান্তৰ কাষত থিয় দিলে জিলা আয়ুক্তই ৷ উপযুক্ত নলা নথকাৰ বাবে বাক্সাৰ জাখলিবিল পথাৰ বানৰ কবলত পৰে ৷ ফলত বহু পৰিয়ালত হাহাকাৰ সৃষ্টি হয় ৷ মঙলবাৰে বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱাই বানাক্ৰান্ত অঞ্চলটোত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷

আয়ুক্তগৰাকীয়ে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি কয় যে, বৰপেটাৰোডৰ ৰে’লপথৰ কাষেৰে বৈ অহা পানী উপযুক্ত নলা নথকাৰ বাবে আৱদ্ধ হৈ বানৰ সৃষ্টি কৰিছে । সেয়ে আৱদ্ধ পানী পল্লা নৈত বৈ যোৱাৰ বাবে সাময়িকভাৱে ফকলেণ্ডেৰে নলা খন্দাৰ ব্যৱস্থা কৰা হোৱাৰ কথা জানিবলৈ দিয়ে আয়ুক্তগৰাকীয়ে ৷

তেওঁ লগতে কয় যে, আগন্তুক খৰালি কালত ইয়াৰ নলাসমূহ স্থায়ীভাৱে নিৰ্মাণ কৰিলেহে জাখলিবিল পথাৰৰ সৰ্বসাধাৰণ ৰাইজ বানৰ কবলৰ পৰা ৰক্ষা পৰিব । জাখলিবিল পথাৰৰ ৰাইজৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দি পশুৰ খাদ্য সামগ্ৰীও জিলা প্ৰশাসনৰ পৰা যোগান ধৰিব বুলি উল্লেখ কৰে জিলা আয়ুক্ত বৰুৱাই ।

লগতে পঢ়ক : হোজাইত বান পৰিস্থিতি পৰিদৰ্শন সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details