৪০ বিঘা ভূমিত গঢ়ি উঠিব ফুটবল-ক্ৰিকেট একাডেমী - FOOTBALL AND CRICKET ACADEMY

🎬 Watch Now: Feature Video

thumbnail
নিৰ্মীয়মান ফুটবল-ক্ৰিকেট একাডেমী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 18, 2024 at 4:55 PM IST

1 Min Read
Choose ETV Bharat

বাইহাটা চাৰিআলি: ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল খবৰ ।এতিয়া এখন নহয়, একেলগে দুখনকৈ একাডেমীৰ কাম চলি আছে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত । উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিচেই কাষৰ উত্তৰ ফুলুং ডেকাবাৰী গাঁৱত নিৰ্মাণ কৰি থকা হৈছে এই একাডেমী দুখন । একাডেমী দুখনৰ এখন হ'ব ফুটবল একাডেমী আৰু আনখন ক্ৰিকেট একাডেমী ।  

উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ প্ৰায় ৪০ বিঘা চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছে একাডেমী দুখন । খেলুৱৈসকলৰ বাবে সকলোধৰণৰ সা-সুবিধা উপলব্ধ হ'ব এই দুখন একাডেমীত । ইয়াৰ লগতে ল'ৰা আৰু ছোৱালীৰ বাবে থাকিব উন্নত মানৰ সুকীয়া হোষ্টেলৰ ব্যৱস্থা । সংলগ্ন থাকিব ছুইমিং পুল । ইতিমধ্যেই সম্পূৰ্ণ হৈ উঠিছে পেভেলিয়ন । অসম ক্ৰিকেট সন্থাৰ দ্বাৰা ক্ৰিকেট একাডেমীখন আৰু গুৱাহাটী টাউন ক্লাবৰ দ্বাৰা ফুটবল একাডেমীখন পৰিচালিত হ'ব । চলিত বছৰৰ শেষত নতুবা নতুন বছৰত শুভাৰম্ভ হ'ব একাডেমী দুখন ।

লগতে পঢ়ক:বেডমিণ্টন খেলুৱৈ ৰায়হান জামান আৰু হৰ্ষিত গগৈক সম্বৰ্ধনা

অলিম্পিকৰ খেলুৱৈ নিৰ্বাচনৰ বাবে অসমলৈ আহিব মীৰাবাঈ চানু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details