গান্ধীমেলাত অশ্লীল নৃত্য: কংগ্ৰেছে বন্ধ কৰি দিলে চিত্ৰহাৰ - SILCHAR GANDHI MELA INCIDENT
🎬 Watch Now: Feature Video

Published : March 9, 2025 at 6:14 PM IST
শিলচৰ: কাছাৰ জিলাৰ শিলচৰত অনুষ্ঠিত গান্ধীমেলাত উত্তপ্ত পৰিস্থিতি । ৭৩ সংখ্যক গান্ধীমেলাত চিত্ৰহাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ । মেলাত চিত্ৰহাৰৰ নামত যুৱক-যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শনৰ অভিযোগ কংগ্ৰেছৰ । চিত্ৰহাৰ চলি থকাৰ মাজতে একাংশ কংগ্ৰেছ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চিত্ৰহাৰ হলৰ বেনাৰ, পোষ্টাৰ আদি ফালি পেলাই কংগ্ৰেছ কৰ্মীসকলে । লগতে চিত্ৰহাৰো বন্ধ কৰি দিয়ে ।
উল্লেখ্য যে প্ৰতিবছৰৰ দৰে এইবাৰো শিলচৰ পৌৰসভাৰ উদ্যোগত আয়োজন কৰা হয় এই গান্ধীমেলাৰ । কিন্তু জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত উৎসৰ্গিত এই মেলাত চিত্ৰহাৰৰ নামত যুৱক-যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শনে হতবাক কৰি তুলিছে একাংশ সচেতন লোকক ৷ যাৰ বাবে কংগ্ৰেছৰ একাংশ কৰ্মীয়ে মেলাত উপস্থিত হৈ চিত্ৰহাৰ বন্ধ কৰাৰ লগতে শিলচৰ পৌৰসভাৰ কাৰ্যালয়ো ঘেৰাও কৰি আয়োজকক জবাবদিহি কৰে ।
ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে নিশা গান্ধীমেলাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয় । এজন কংগ্ৰেছ নেতাই কয়, "মহাত্মা গান্ধীৰ নামত বছৰৰ পাছত বছৰ ধৰি চলি অহা এই মেলাত এইবাৰ যুৱতীসকলৰ নগ্ন নৃত্য প্ৰদৰ্শন কৰাই পৌৰসভা কৰ্তৃপক্ষই গান্ধীজীক অপমান কৰিছে ৷ এই মেলাত কেতিয়াও কংগ্ৰেছে অশ্লীল কাৰ্যকলাপ চলিবলৈ নিদিয়ে ।"