নলবাৰীত আয়কৰ বিভাগৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - Income Tax Notice To Congress - INCOME TAX NOTICE TO CONGRESS
🎬 Watch Now: Feature Video

Published : March 30, 2024 at 7:55 PM IST
নলবাৰী, ৩০ মাৰ্চ: আয়কৰ বিভাগৰ পৰা ১৮২৩.০৮ কোটি টকাৰ জাননী লাভৰ পিচতে প্ৰতিবাদমুখৰ হৈ পৰিছে কংগ্ৰেছ ৷ বিজেপিয়ে দেশত কৰ সন্ত্ৰাস চলোৱাৰ অভিযোগ তুলি কংগ্ৰেছে সাব্যস্ত কৰিছে এই প্ৰতিবাদ ৷ শনিবাৰে নলবাৰীত জিলা কংগ্ৰেছে কৰিলে এই উত্তাল প্ৰতিবাদ । আয়কৰ ভৱনৰ সন্মুখত কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
আয়কৰ বিৰোধী ভিন্ন শ্লোগানেৰে সাব্যস্ত কৰি ভৱনৰ সন্মুখ উত্তাল কৰে কংগ্ৰেছৰ কৰ্মীসকলে । উল্লেখযোগ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ জমাবহীৰ পৰা বলপূৰ্বকভাৱে ১৩৫ কোটি টকা কৰ বিভাগে উঠাই নিয়াৰ পিচত আকৌ ১৮২৩.০৮ কোটি আদায় দিয়াৰ অভিযোগত আজি এনেদৰে নলবাৰীতো জিলা কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
প্ৰতিবাদকাৰীসকলে 'আয়কৰ বিভাগ হায় হায়', 'বিজেপি চৰকাৰৰ হায় হায় ', 'নৰেন্দ্ৰ মোদী হায় হায় ',' অমিত শ্বাহ হায় হায় ','স্বতন্ত্ৰ সংস্থা সমূহৰ স্বকীয়তা ৰক্ষা কৰক' আদি শ্লোগান দিয়ে । আনহাতে, প্ৰতিবাদকাৰী সকলক আয়কৰ ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিব লওতে আৰক্ষীয়ে বাধা প্ৰদান কৰে ।