আৰক্ষীয়ে নিৰাপত্তা নিদিলে নিজৰ নিৰাপত্তাৰ বাবে সাজু কংগ্ৰেছ : ভূপেন বৰা - BHUPEN BORA REACTED ON BJP ATTACK

🎬 Watch Now: Feature Video

thumbnail
বিজেপিৰ আক্ৰমণ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 19, 2024 at 3:00 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও : চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে 15 অক্টোবৰত উলিওৱা কংগ্ৰেছৰ এক ৰেলীত হোৱা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে প্রদেশ কংগ্ৰেছ । কংগ্ৰেছৰ ৰেলীত আক্ৰমণ কৰা ঘটনাত জড়িত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত শনিবাৰে ৰূপহীহাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছে ।

দলটোৱে ৰূপহীহাট আৰক্ষী থানাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰাত ৰূপহীহাট ৰাজীৱ ভৱনৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হুংকাৰ প্ৰদান কৰি কয়, "আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত নকৰিলে কংগ্ৰেছৰ নেতাসকলেও চৰকাৰী নিৰাপত্তা পৰিহাৰ কৰিব । নিজৰ নিৰাপত্তাৰ দায়িত্ব নিজেই ল'বলৈ সাজু কংগ্ৰেছ ।"

লগতে প্ৰদৰ্শন :প্ৰতিটো নিৰ্বাচনতে চামগুৰিত নিৰ্বাচনী হিংসা কিয় ?
লগতে পঢ়ক :উপ-নিৰ্বাচন: শনি বা দেওবাৰে ঘোষণা হ'ব বিৰোধীৰ প্ৰাৰ্থীৰ নাম

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details