বিজেপি আৰু অগপ দলৰ পৰাজয় নিশ্চিত বুলি দাবী কৰিলে বিধায়ক জাকিৰ হুছেইন শিকদাৰে - Jakir Hussain Sikdar in Rangia - JAKIR HUSSAIN SIKDAR IN RANGIA

🎬 Watch Now: Feature Video

thumbnail
সংবাদ মাধ্যমৰ সমুখত বিধায়ক জাকিৰ হুছেইন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 9, 2024 at 7:43 AM IST

2 Min Read
Choose ETV Bharat

ৰঙিয়া, 9 আগষ্ট : ৰঙিয়াত বৃহস্পতিবাৰে উপস্থিত হয় কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ শেহতীয়াকৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰে সৈতে মিত্ৰতা সম্পৰ্কত আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াই কিছুদিন পূৰ্বে অখিল গগৈৰ সৈতে শিকদাৰৰ সাক্ষাৎ ঘটা বুলি উল্লেখ কৰি কয়, "কিছুদিন পূৰ্বে অখিল গগৈৰ সৈতে এক সভাত অংশগ্ৰহণ কৰিছো । বাহিৰত অখিল গগৈয়ে ক’ত কি কয় মই কথাবোৰ শুনাও নাই বা মোক কোনেও কোৱাও নাই ৷ কিন্তু সভাত যিবোৰ আলোচনা হৈছিল এক বন্ধুত্বপূৰ্ণ পৰিৱেশত আমি আলোচনা কৰিছিলো ৷ মোৰ এতিয়াও বিশ্বাস আছে যে অসমত বিজেপি-অগপ শাসনৰ অন্ত পেলাবলৈ কংগ্ৰেছৰ সৈতে গগৈ ডাঙৰীয়াই আমাৰ সৈতে একেলগে কাম কৰিব ।" 

আনহাতে, স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ খোপনি নিজ সমষ্টিতেই কমি আহিছে বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰি শিকদাৰে কয়, "ৰঙিয়াত যুৱ শক্তিয়ে কংগ্ৰেছক আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে । ৰঙিয়া যুৱ কংগ্ৰেছৰ দুই শতাধিক যুৱক-যুৱতীয়ে কংগ্ৰেছত যোগদান কৰিছে ৷ দেশৰ যুৱ শক্তিয়ে যদি কাৰোবাক আঁকোৱালি লয় আৰু কাৰোবাক ত‍্যাগ কৰে তেতিয়াহ’লে ফলাফল সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে । সেয়েহে আগন্তুক 2026 চনৰ নিৰ্বাচনত বিজেপি আৰু অগপ দলৰ নিশ্চিতভাৱে পৰাভূত হ’ব ।"

লগতে পঢ়ক: বেয়া দিনত ব্যৱহাৰ কৰি ভাল দিনত লগত নাৰাখিলে কংগ্ৰেছৰ লগ এৰিব বিৰোধী ঐক্যই : অখিল গগৈ - AKHIL GOGOI ON CONGRESS ALLIANCE

বিজেপি যদি হেড, এ আই ইউ ডি এফ টেইল : জাকিৰ হুছেইন শিকদাৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details