গঁড় হত্যাৰ বাবে দায়ী কংগ্ৰেছ চৰকাৰ ! - LOK SABHA ELECTIONS - FORMER MP MADHAV RAJBONGSHI

🎬 Watch Now: Feature Video

thumbnail
কমলপুৰৰ বিধায়ক দিগন্ত কলিতা (undefined)

By ETV Bharat Assamese Team

Published : March 29, 2024 at 8:18 AM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া, 29 মাৰ্চ: নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াৰ বুথ কাৰ্যকৰ্তা সভাত উপস্থিত হ'ল কমলপুৰৰ বিধায়ক দিগন্ত কলিতা । বিধায়কগৰাকীয়ে বিজেপিক ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰে ৷ কলিতাই কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীক তীব্ৰ সমালোচনা কৰি কয়, "ৰঙিয়া আৰু কমলপুৰত বানপানী হওঁতে ক'ত আছিল মাধৱ ৰাজবংশী ? নিৰ্বাচনৰ পূৰ্বে মিটিং কৰিবলৈ অহাৰ সলনি পূৰ্বৰে পৰা ৰাইজৰ মাজলৈ যাব লাগে ৷ মাধৱ ৰাজবংশী ক'লা নে বগা আছিল পাহৰিয়ে গৈছো ।"

ইয়াৰোপৰি ৰাজবংশীয়ে কয়, "মাধৱ ৰাজবংশীয়ে নিৰ্বাচনৰ নামত কিছু পইচা পাব , য'ৰ আধা অংশ ভূপেন বৰাই পাব । গতিকে এই বয়সত মাধৱ ৰাজবংশীয়ে কংগ্ৰেছৰ পৰা পোৱা পইচাকেইটা খৰচ নকৰি সেইকেইটা পইচা সাচি থওঁক বা তীৰ্থ ভ্ৰমণলৈ যাওঁক ।" 

আনহাতে প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয়, "ৰকিবুল হুছেইন নিজেই এগৰাকী বিফল মন্ত্ৰী । ৰকিবুল হুছেইন বনমন্ত্ৰী থকাৰ সময়ত আটাইতকৈ বেছি গঁড় হত্যা হৈছিল । ইয়াৰ বাবে কংগ্ৰেছ চৰকাৰখনেই দায়ী আছিল । 

আগন্তুক নিৰ্বাচনত বিজেপিয়ে খুব ভাল ফলাফল দেখুৱাব বুলি দাবী কৰি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁতে 40 হেজাৰ লোক লগত থাকিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক:  মুখ্যমন্ত্ৰী হ'ব বিচাৰে নেকি ? যোগ দিয়ক বিজেপিত ! - Lok sabha Elections 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details