সামৰণি পৰিল সত্ৰভূমিৰ প্ৰধান ধৰ্মীয় উৎসৱ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসমহোৎসৱ - RAAS MAHOTSAV 2024

🎬 Watch Now: Feature Video

thumbnail
শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসমহোৎসৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : November 18, 2024 at 7:29 AM IST

2 Min Read
Choose ETV Bharat

মাজুলী : সত্ৰীয়া- সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ প্ৰধান ধৰ্মীয় উৎসৱ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসমহোৎসৱৰ সামৰণি পৰিল । প্ৰায় এমাহজোৰা উখল-মাখল পৰিৱেশৰ পাচতে দেওবাৰৰ পৰা নিস্তব্ধ হ’ল মাজুলীৰ আকাশ বতাহ । ৰাসৰ সামৰণিৰ লগে লগে নিজ নিজ স্থানলৈ উভতিছে মাজুলীৰ ৰাস উপভোগ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকসকল ।

ৰাসৰ সময়চোৱাত দ্বিতীয় বৃন্দাবনলৈ পৰ্যৱেশিত হয় সত্ৰনগৰী মাজুলী । এই সময়ছোৱাত বাঁহীৰ সুৰ, খোল-তালৰ মাতে মুখৰিত হৈ পৰে মাজুলীৰ আকাশ-বতাহ । দক্ষিণ পাট সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰকে আদি কৰি সত্ৰ আৰু ৰংগমঞ্চসমূহত আয়োজন কৰা ৰাসে পুনৰবাৰ বিশ্বৰ বুকুত জিলিকাই তুলিছিল মাজুলীক । এইবাৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত হৈছিল এই ৰাস মহোৎসৱ ৷

লক্ষণীয় যে, মাজুলীৰ ৰাস অনন্য আৰু অদ্বিতীয় । ৰাস মহোৎসৱ মাজুলীবাসীৰ স্বাভিমান । ইফালে ৰাস মহোৎসৱৰ তৃতীয় দিনা মাজুলীৰ উত্তৰ কমলাবাৰীত উপস্থিত হৈ ৰাস উপভোগ কৰে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা ।

মাজুলীত পোন প্ৰথমবাৰৰ বাবে ৰাস উপভোগ কৰি আনন্দিত হৈ পৰে বিধান সভাৰ অধ্যক্ষগৰাকী ৷ মাজুলীত ৰাস চাবলৈ আহিব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি কয় । মাজুলীৰ ৰাসৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে, তেতিয়াহে নব-প্ৰজন্মই এই ৰাসৰ বিষয়ে জানিব পাৰিব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : কৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰ-কংসৰ অট্টহাস্যত উখল-মাখল লুইতৰ দুয়োপাৰ

লগতে পঢ়ক : ৰাসৰ ৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্য; উজনিৰ পৰা নামনিলৈকে ৰাসলীলা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details