প্ৰথমে পঢ়া, তাৰ পাচতহে প্ৰেম বা বিবাহ : ৰূপজ্যোতি কুৰ্মীৰ আহ্বান - CMS NIJUT MOINA SCHEME - CMS NIJUT MOINA SCHEME

🎬 Watch Now: Feature Video

thumbnail
অসমৰ যুৱতীক প্ৰেম বাদ দি প্ৰথমে পঢ়িবলৈ আহ্বান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 8, 2024 at 7:02 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক,৮ আগষ্ট: সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে টীয়কতো বৃহস্পতিবাৰে আৰম্ভ কৰা হয় নিযুত মইনা আঁচনি । মৰিয়নী সমষ্টিৰ অন্তৰ্গত টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিতৰণ কৰে নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ । প্ৰ-পত্ৰ বিতৰণ কৰি এই আঁচনি প্ৰতিগৰাকী ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত তথা স্বাৱলম্বিতাৰ ক্ষেত্ৰত ভৱিষ্যৎ দিনত অধিক সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।  

ইয়াৰোপৰি বিধায়কগৰাকীয়ে কয়," প্ৰথমে পঢ়া, তাৰ পাচতহে প্ৰেম আৰু তাৰপাচত বিবাহ । সঁচা প্ৰেমে সচাঁই মিলন কৰায় । গতিকে ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে ভালকৈ পঢ়া-শুনা কৰি নিজৰ ভৰিত ঠিয় দিয়াৰ বাবে চেষ্টা কৰি বিবাহৰ বাবে চিন্তা কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছো ।" ইপিনে এই আঁচনিত কম বয়সত বিয়া নোহোৱা ছাত্ৰীহে অন্তৰ্ভুক্ত হ'ব আৰু পৰৱৰ্তী সময়ত আঁচনিৰ সুফল পাবলৈ অধ্যয়নৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ত আচাৰ-ব্যৱহাৰকে আদি কৰি সকলো দিশতে উন্নত হ'ব লাগিব বুলি সদৰী কৰে কুৰ্মীয়ে । 

লগতে পঢ়ক: কলিয়াবৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ - CMs Nijut Moina Achani

১০ লাখ ছাত্ৰীক সামৰি ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি - Assam Nijut Moina Scheme

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details