জোনাইত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ বিধায়ক ভূৱন পেগুৰ - Assam Nijut Moina Scheme - ASSAM NIJUT MOINA SCHEME

🎬 Watch Now: Feature Video

thumbnail
আনুষ্ঠানিকভাৱে ৰাজ্যত আৰম্ভ হ’ল নিযুত মইনা আঁচনি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 8, 2024 at 10:07 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, 8 আগষ্ট : আজিৰে পৰা আনুষ্ঠানিকভাৱে ৰাজ্যত আৰম্ভ হ’ল 'নিযুত মইনা আঁচনি' ৷ জোনাইত আজি আটাইকেইখন মহাবিদ্যালয়তে 'নিযুত মইনা আঁচনি' উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু ৷ আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ভাৰ্চুৱেলী উদ্বোধন কৰাৰ পিচতে জোনাই বালিকা মহাবিদ্যালয় আৰু মূৰ্কংচেলেক মহাবিদ্যালয়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে অংশগ্ৰহণ কৰে ৷

তেওঁ কয় যে, বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধেৰে ছাত্ৰীসকলক এক সুৰক্ষিত শৈক্ষিক ভৱিষ্যৎ প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই অভিলাষী আঁচনিখন অসমৰ নাৰী শিক্ষাৰ বাবে ঐতিহাসিক পদক্ষেপ ৷ বিধায়কজনে জোনাই সমষ্টিৰ সকলো চৰকাৰী উচ্চতৰ আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলক এই আঁচনি সুবিধা লাভ কৰাৰ বাবে আজিৰে পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰ পিচতে বিধায়কজনে ছাত্ৰীসকলৰ মাজত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ কৰে ৷ সভাত জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈ, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খৰ্গেশ্বৰ পেগু, মূৰ্কংচেলেক মহাবিদ্যালয় অধ্যক্ষ ড৹ দীপক কুমাৰ দলেৰ লগতে মহাবিদ্যালয় দুখনৰ কেবাজনো অধ্যাপক উপস্থিত থাকে ৷

লগতে পঢ়ক : ১০ লাখ ছাত্ৰীক সামৰি ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি - Assam Nijut Moina Scheme

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details