ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma - ASSAM POLITICS

🎬 Watch Now: Feature Video

thumbnail
দক্ষিণ কামৰূপত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 12, 2024 at 9:49 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 12 জুলাই : ‘‘ৰাজনৈতিক দলত অহা-যোৱা চলি থাকে ৷ যিসকল বিজেপিৰ আদৰ্শৰ লগত জড়িত, তেওঁলোক বিজেপিলৈ আহিলে বেলেগ দললৈ নাযায় ৷ সমগ্ৰ ভাৰততে বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ যোৱা লোকৰ সংখ্যা যথেষ্ট কম ৷’’- এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

শেহতীয়াকৈ বিজেপিৰ কেবাজনো নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰৰ সন্দৰ্ভত শুকুৰবাৰে এইদৰে কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইকেইদিনত তেওঁ ৰাজনীতিত সময় দিয়া নাই ৷ তিনিমাহমান তেওঁ উন্নয়নমূলক কামত সময় দিব ৷ কিন্তু জানুৱাৰীৰ পৰা বহুসংখ্যক লোক কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যিয়ে য’তেই যোগদান নকৰক, কেৱল ৰাইজৰ স্বাৰ্থত থাকিলেই হ’ল বুলি ড৹ শৰ্মাই মন্তব্য কৰে ৷

অসমীয়া আৰু হিন্দু মানুহ কেলঢোপ-কেলঢোপ কৰি জীয়াই আছে বুলি মন্তব্য কৰি এই মানুহখিনিৰ স্বাৰ্থ সকলোতে সুৰক্ষিত কৰি ৰখাৰ আহ্বান জনাই ড৹ শৰ্মাই ৷

লগতে পঢ়ক : বিদায় বিজেপি ! বিধায়কৰ পৰা বিদ্ৰোহী বিধায়কৰ পুত্ৰলৈ...

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details