এডভাণ্টেজ আছাম 2.0 : গুৱাহাটীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

🎬 Watch Now: Feature Video

thumbnail
এডভাণ্টেজ আছাম 2.0 (ETV Bharat)

By ETV Bharat Assamese Team

Published : February 28, 2025 at 12:30 PM IST

|

Updated : February 28, 2025 at 2:04 PM IST

1 Min Read
Choose ETV Bharat
বিগত ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিল অসম চৰকাৰে আয়োজন কৰা দুদিনীয়া এডভাণ্টেজ আছাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন । গুৱাহাটীৰ খানাপাৰাত ২৭, ২৮ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চলৈ সাধাৰণ জনতাৰ বাবে মুকলি কৰা হৈছে এডভাণ্টেজ আছামৰ প্ৰদৰ্শনী । এই এডভাণ্টেজ আছাম 2.o সন্মিলনৰ  দুটা দিনত ৪,৯১,৫০০ কোটি টকাৰ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ প্ৰস্তাৱ লাভ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সদৰী কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এডভাণ্টেজ অসম 2.0ত উদ্যোগপতি গৌতম আদানী, মুকেশ আম্বানীৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ ৩০০তকৈয়ো অধিক উদ্যোগীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে । লগতে বহু কেইখন দেশৰ ৰাষ্ট্ৰদূতৰ উপৰিও আন আন বাণিজ্যিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই সন্মিলনত । মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, এই দুটা দিনত ২০ হাজাৰ লোকৰ উপস্থিতি, ২০ আলোচনা সত্ৰ, ৭৫ অংশগ্ৰহণকাৰী ৰাষ্ট্ৰ আৰু ৯খন অংশীদাৰী দেশৰ সমাহাৰ ঘটিছিল । এই সন্মিলনখনক লৈ সবিশেষ জনোৱাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সম্বোধন কৰে এই সংবাদমেলৰ ।

Last Updated : February 28, 2025 at 2:04 PM IST