অনলাইন ট্ৰেডিঙৰ লগত জড়িত সকলোকে তদন্তৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ - Online Trading Scam - অনলাইন ট্ৰেডিং

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 6, 2024 at 10:44 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, ৬ ছেপ্টেম্বৰ :ৰাজ্যত এতিয়া আটাইতকৈ চৰ্চিত বিষয়টো হ'ল অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা এই অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চকৰ মাষ্টাৰ মাইণ্ডক আটক কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষী কঠোৰ হৈছে ।

গুৱাহাটী, ডিব্ৰুগড়ৰ লগতে বিভিন্ন ঠাইত আটক হৈছে আজিপৰ্যন্ত কেবাজনো প্ৰৱঞ্চক । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি গ্ৰাহকক প্ৰৱঞ্চনা কৰাসকলক আৰক্ষীয়ে আটক কৰাৰ পিছতেই হাহাকাৰ লাগিছে গ্ৰাহকসকলৰ মাজত ।

শুকুৰবাৰে ডিব্ৰুগড়ত অনলাইন ট্ৰেডিঙক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অনলাইন ট্ৰেডিং বুলি কোনো কথা নাই । নিজৰ টকা ষ্টক মাৰ্কেটত বিনিয়োগ কৰে কৰি থাকক, কিন্তু আনৰ পইচা কৰিব নোৱাৰিব । এইক্ষেত্ৰত বেলেগৰ লগত এগ্ৰিমেন্ট কৰিব নোৱাৰিব । এই ব্যৱসায় সম্পূৰ্ণ অবৈধ । অসম পুলিচক স্পষ্ট নিৰ্দেশ দিয়া হৈছে এই ব্যৱসায়ৰ লগত জড়িত সকলোকে তদন্তৰ আওতালৈ আনিবলৈ ।’’

তদুপৰি মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক আহ্বান জনাই এনেকুৱা সহজ ধন ঘটা ব্যৱস্থাত ভৰি নিদিবলৈ । অন্যথা একাংশই অনলাইন ট্ৰেডিঙৰ নামত লৈ যাব কষ্টোপাৰ্জিত ধন ৷ ৰিজাৰ্ভ বেংকৰ অনুমোদন নাথাকিলে বিত্তীয় লেনদেনত জড়িত হ'ব নালাগে বুলি কয় ড৹ শৰ্মাই ।

লগতে পঢ়ক : অনলাইন ট্ৰেডিং জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ চি আই ডিৰ লেন্সনায়ক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details