এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ : নিৰ্মাণ কাৰ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে - Jongal Balahu Tourist Centre - JONGAL BALAHU TOURIST CENTRE

🎬 Watch Now: Feature Video

thumbnail
জোঙাল বলহু ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : July 13, 2024 at 9:07 PM IST

1 Min Read
Choose ETV Bharat

ৰহা, 13 জুলাই : শনিবাৰে ৰহাৰ ঐতিহাসিক জোঙাল বলহু ক্ষেত্ৰত উপস্থিত হৈ পৰ্যটন ক্ষেত্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সময়ছোৱাত মুখ্যমন্ত্ৰগৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক শশীকান্ত দাস, ৰূপক শৰ্মা, জিতু গোস্বামী আৰু ৰমাকান্ত দেউৰীয়ে ৷  

উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ বীৰ ৰজা জোঙাল বলহুৰ স্মৃতি বিজড়িত ঐতিহ্য ক্ষেত্ৰখন আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰে 50 কোটি টকাৰ আৱণ্টন দিছিল ৷ 2023 চনৰ 3 জানুৱাৰী জোঙাল বলহু দিৱসত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ লগতে মুখ্যমন্ত্ৰীয়ে এই নিৰ্মাণকাৰ্য অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি সংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ ইফালে তিৱা জনগোষ্ঠীৰ সংস্কৃতিৰ ধ্বজাবাহক ডেকা চাং, চামাদি আদিও এই পৰ্যটনস্থলীত নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে মুখ্যমন্ত্ৰীয়ে তিৱা স্বায়ত্ত পৰিষদৰ নেতৃবৰ্গৰ লগতো আজি আলোচনাত মিলিত হয় ৷

লগতে পঢ়ক : দিনজোৰা কাৰ্যসূচীৰে জোঙাল বলহু দিৱস উদযাপন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details