বিৰোধী ঐক্যক বিয়াৰে ৰিজালে মুখ্যমন্ত্ৰীয়ে - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : March 6, 2024 at 10:47 PM IST

1 Min Read

ডিব্ৰুগড়, 6 মাৰ্চ : ষোল্ল গৰাকীক একেলগে লৈ সংসাৰ কৰাৰ চেষ্টা কৰিছিল কংগ্ৰেছ দলে ৷ পিছে ভাগ্যই নিদিলে ৷ সংসাৰো নহ’ল, একেলগে থকাও নহ’ল ৷ এই ৰিজনি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বহুধাবিভক্ত বিৰোধী শক্তিক তীৰ্যক ভাষাৰে আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে আজি আৰু ক’লে যে বিৰোধীয়ে চাহ-ভাত খাই এখন হোটেলক ধনী কৰাৰ বাহিৰে আন একো কৰিব পৰা নাই ৷ বুধবাৰে নাহৰকটীয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰে এনেবোৰ মন্তব্য ৷

মুখ্যমন্ত্ৰীয়ে কয়, ‘এটা ল’ৰা আৰু এজনী ছোৱালীয়ে প্ৰেম কৰাৰ পিচত আজিকালি বিয়ালৈকে যোৱাটো বহু ডাঙৰ কথা । কংগ্ৰেছে চেষ্টা কৰিছিল ১৬ গৰাকীক একেবাৰে একেলগে লৈ যাব । সেয়ে মই কৈছিলো যিমান সোনকালে পাৰে বিয়াবোৰ পাতক, পিছে বিয়া পাতিব নোৱাৰিলে বিয়াৰ আগতে তেওঁলোকৰ ডিভোৰ্চ হৈ গ’ল । মই ভাবো তেওঁলোকে গুৱাহাটীৰ এখন হোটেলক ধনী কৰাৰ বাদে আৰু একো কাম কৰিব নোৱাৰিলে ।’ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা সন্দৰ্ভত তেওঁ কয়, ‘সকলো দলে নিজ নিজ প্ৰাৰ্থী ঘোষণা কৰিলে ৷ আমি ১১ খনত ভালকৈ জিকিম, তাতোকৈ ওপৰত কিবা পাৰো নেকি চেষ্টা কৰিম ।’

লগতে পঢ়ক : লখিমপুৰত 706 কোটি টকীয়া ৪৮ টা নতুন আঁচনি মুকলি মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.