বিহালীত বনকৰ্মী-চোৰাং চিকাৰীৰ সংঘৰ্ষ: এয়াৰ গানসহ বিভিন্ন সামগ্ৰী জব্দ - BEHALI RESERVE FOREST

🎬 Watch Now: Feature Video

thumbnail
বিহালীত বনকৰ্মী-চোৰাং চিকাৰীৰ সংঘৰ্ষ (ETV Bharat)

By ETV Bharat Assamese Team

Published : November 4, 2024 at 7:49 AM IST

1 Min Read
Choose ETV Bharat

বিশ্বনাথ: বিহালী সংৰক্ষিত বনাঞ্চলৰ ডিকাল ৰেঞ্জৰ সমীপত দেওবাৰে সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা ৷ বিহালী বৰগাং বনাঞ্চল কাৰ্যালয়ৰ অধীনৰ ডিকাল বন শিবিৰৰ তত্বাৱধায়ক ৰতন দাসৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে টহল দি থকা সময়তে বনাঞ্চলৰ ভিতৰত দুই চোৰাং চিকাৰীৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে ।

বনকৰ্মীয়ে ৰ'বলৈ কয় যদিও চোৰাং চিকাৰীকেইটাই পলায়নৰ চেষ্টা কৰে । কেৱল সেয়াই নহয় চোৰাং চিকাৰীকেইটাই বনকৰ্মীৰ দলটোক লক্ষ্য কৰি গুলীচালনাও কৰে । ইয়াৰ প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱেও চোৰাং চিকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে । অৱশ্যে পৰৱৰ্তী সময়ত চোৰাং চিকাৰীকেইটা ঘন জংঘলৰ মাজেৰে পলায়ন কৰিবলৈ সক্ষম হয় । পাছত বনকৰ্মীৰ দলটোৱে ঘটনাস্থলীৰ পৰা এটা এয়াৰ গান, এয়াৰ পাম্প, টৰ্চ লাইট আৰু এযোৰ এয়াৰ কেম'প্লেজ ইউনিফৰ্ম উদ্ধাৰ কৰে । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি বন বিভাগে জনাইছে ।

লগতে পঢ়ক :মাজুলী এৰিব বিচৰা নাই 'দেহা'ই !

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details