নগাঁৱত চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন : আৰক্ষীৰ জালত অভিযুক্ত - child sexual abuse in Nagaon

🎬 Watch Now: Feature Video

thumbnail
শিশু যৌন নিৰ্যাতনৰ ঘটনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 16, 2024 at 9:33 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও, ১৬ জুলাই : নগাঁও চহৰৰ সমীপৱর্তী ইটাপাৰা গাঁৱত সংঘটিত হৈছে এক শিশু যৌন নিৰ্যাতনৰ ঘটনা । এটি চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱা এক জঘন্য ঘটনা পোহৰলৈ অহাৰ পাচতেই সমগ্ৰ নগাঁৱতেই সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । চামেদুৰ আলী নামৰ এটা লম্পট যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ।  

সোমবাৰে বিয়লি ছামেদুৰ আলীয়ে শিশুটোক ফুৰাবলৈ নিয়াৰ চলেৰে বিভিন্ন প্ৰলোভনেৰে যৌন নিৰ্যাতন চলায় । পৰৱৰ্তী সময়ত শিশুটিৰ পৰিয়ালে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাচতেই কাষ চাপে আৰক্ষীৰ । এই ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে ৭০০/২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।  

ইপিনে, এই নিকৃষ্ট ঘটনাটো সংঘটিত কৰিয়েই অভিযুক্ত ছামেদুৰে বহিঃৰাজ্যলৈ পলায়নৰ অপচেষ্টা চলাওতেই আৰক্ষীয়ে ছামেদুৰক মঙলবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।যৌন নিৰ্যাতনৰ বলি হোৱা শিশুটিক সম্প্ৰতি সংকটজনক অৱস্থাত নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক:লাহোৱালত মানৱ সমাজক লজ্জানত কৰা ঘটনা - CRIME IN DIBRUGARH

ইটোৰ পিচত সিটো কিশোৰী ধৰ্ষণৰ ঘটনা : ঠেলামৰাত অভিযুক্তক গ্ৰেপ্তাৰ - Rape Case