হাউলীত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক ৰাজহুৱা সম্বৰ্দ্ধনা - RAMEN DEKA
🎬 Watch Now: Feature Video

Published : December 12, 2024 at 6:39 PM IST
|Updated : December 12, 2024 at 7:09 PM IST
বৰপেটা : বৰপেটাৰ হাউলীত আজি (বৃহস্পতিবাৰ) উপস্থিত হয় অসমসন্তান তথা বৰ্তমান ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ৷ হাউলী সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানত শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰথমতে তেওঁক সম্বৰ্দ্ধনা জনায় । ইয়াৰ পিছতে হাউলীৰ লগতে বৰপেটাৰোড সমন্বিতে জিলাখনৰ বিভিন্ন অনুষ্ঠানে ৰমেন ডেকাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।
ইয়াৰ পূৰ্বে ছত্তীশগড়ৰ ৰাজ্যপালগৰাকীয়ে শিৱ মন্দিৰ দৰ্শন কৰাৰ লগতে দেৱাদিদেৱ মহাদেৱৰ প্ৰতি ভক্তি পূৰ্ণ সেৱা নিবেদন কৰে । অসমত ভাৰতীয় জনতা পাৰ্টী গঠনৰ সময়ৰ পৰাই ৰাজ্যখনত দলটোৰ সাংগঠনিক ভেঁটি গঢ়ি তোলাৰ কামত নিৰন্তৰ সেৱা আগবঢ়াই অহা শক্তিশালী বিজেপি নেতা তথা মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ সম্বৰ্দ্ধনা অনুষ্ঠানত অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী, ডাঃ উমেশ চক্ৰৱৰ্তী আৰু ভূপেশ শৰ্মায়ো অংশগ্ৰহণ কৰে ।