কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - SARBANANDA SONAWAL AT NASARTRA

🎬 Watch Now: Feature Video

thumbnail
কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : February 9, 2025 at 12:37 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত একনাম অখণ্ড কীৰ্তনৰ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ৩১ জানুৱাৰীৰ পৰা কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা বাৰদিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত শনিবাৰে নৱম দিনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

সৰ্বানন্দ সোণোৱালে বিয়লি কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ সুৱৰ্ণ কুড়ত প্ৰৱেশ কৰি ৰাজ্যৰ মংগল আৰু শান্তিৰ বাবে সুৱৰ্ণ কুড়ত ক্ৰমত বহে । লগতে কীৰ্তন ঘৰত সেৱা জনাই গুৰুজনাৰ আশিস গ্ৰহণ কৰে । আনহাতে, কৃষ্ণগুৰু এক নাম জপ কৰি তেওঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুগৃহত আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰে । ইয়াৰ পিছত আশ্ৰয় শিবিৰত ভকতসকলৰ সৈতে ধৰ্মালোচনাত মিলিত হয় ।

ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "এই কীৰ্তনে মানৱ সমাজক শান্তি দিব, প্ৰগতি দিব । মানৱ সমাজৰ মন শক্তিশালী হ'বলৈ এনে ধৰণৰ নাম-কীৰ্তনৰ প্ৰয়োজন । মানুহৰ মাজত হাঁহি বিৰিঙিব এনে ধৰণৰ কাৰ্যৰ জৰিয়তে ।"

আনহাতে, দিল্লীৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰকসকলৰ বাবে দিল্লীত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ । তাৰ বাবে সকলোকে ধন্যবাদ ৷" এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে প্ৰাক্তন কেবিনেট মন্ত্ৰী নৱ দলে ।

লগতে পঢ়ক :মুম্বাইত উদ্যোগপতি আম্বানীৰ পৰা জিন্দাললৈ সাক্ষাৎ মুখ্যমন্ত্ৰীৰ; এডভাণ্টেজ আছাম ২.০ লৈ আমন্ত্ৰণ - ADVANTAGE ASSAM CONCLAVE
লগতে পঢ়ক :অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা দায়বদ্ধ : আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন - AASU GS SAMIRAN PHUKAN

ABOUT THE AUTHOR

...view details