মানাহত মৃত্যু ঘোঙৰ : মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঁহবাৰী ৰেঞ্জত সৎকাৰ - Black Panther - BLACK PANTHER KILLED

🎬 Watch Now: Feature Video

thumbnail
মানাহত মৃত্যু ঘোঙৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 26, 2024 at 4:57 PM IST

1 Min Read
Choose ETV Bharat

বাক্সা, ২৬ জুলাই : মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰে বিয়লি ভাগত বন বিভাগে উদ্ধাৰ কৰে এটা ঘোঙৰ মৃতদেহ ৷ তাৰ পাচত শুকুৰবাৰে পুৱা মানাহৰ বাঁহবাৰী ৰেঞ্জত বন বিষয়াৰ উপস্থিতিত বন বিভাগৰ পশু চিকিৎসকৰ দলে ঘোঙৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷

মৰণোত্তৰ পৰীক্ষাৰ অন্তত পশু চিকিৎসকৰ দলে ঘোংটোৰ শৰীৰত থকা আঘাতৰ বাবেই মৃত্যু হোৱা বুলি উল্লেখ কৰে ৷ পশু চিকিৎসকে উল্লেখ কৰে যে বন্যপ্ৰাণীৰ আবাসিক এলেকাৰ বাবে পৰস্পৰৰ মাজত হোৱা কাজিয়াৰ ফলতে সম্ভৱতঃ ঘোংটো আঘাতপ্ৰাপ্ত হৈছিল ৷ সেই আঘাতৰ বাবে হোৱা সংক্ৰমনজনিত ৰোগৰ বাবেই ঘোংটোৰ মৃত্যু হয় ৷

লগতে প্ৰায় তিনি বছৰীয়া মতা মৃত ঘোংটোৰ ডিঙিত আন প্ৰাণীয়ে কামোৰাৰ চিন স্পষ্ট হৈ আছিল বুলিও উল্লেখ কৰে পশু চিকিৎসকৰ দলে উল্লেখ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঘোংটোৰ দেহৰ বিভিন্ন অংগৰ নমুনা সংগ্ৰহ কৰা হয় ৷ তাৰ পাচত বিভাগীয় নীতি অনুসৰি মৃত বন্যজীৱটোৰ সৎকাৰ কৰা হয় ৷

লগতে পঢ়ক : কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details