হুইল চেয়াৰতে বহি মনোনয়ন দাখিল কৰিলে প্ৰাৰ্থীয়ে - PANCHAYAT ELECTION 2025

🎬 Watch Now: Feature Video

thumbnail
হুইল চেয়াৰত বহি মনোনয়ন দাখিল কৰিলে প্ৰাৰ্থীয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 11, 2025 at 8:34 PM IST

1 Min Read
Choose ETV Bharat

জোনাই: ৰঙালী বিহুৰ লগে লগে সমান্তৰালভাৱে ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ । শুকুৰবাৰে অন্তিম দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ । ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ জমা দিবলৈ লগালে হেতা-ওপৰা । মনোনয়ন দাখিলৰ শেষৰ দিনা জোনাইত হুইল চেয়াৰত বহি মনোনয়ন পত্ৰ জমা দিবলৈ আহিল এগৰাকী মহিলা প্ৰাৰ্থী ।  

কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি চিমেন-চিচিটঙানী পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দিবলৈ আহিল কমলাৱতী দলে পেগুৱে । ইয়াৰ পূৰ্বেও জিলা পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা কমলাৱতী দলে পেগুৱে এইবাৰ পুনৰ ৰাইজৰ মৰম আৰু আশ্বাসক লগত লৈ শাৰীৰিক অসুস্থাৰ পিছতো সমৰ্থকৰ সৈতে হুইল চেয়াৰত বহি মনোনয়নপত্ৰ দাখিল কৰিবলৈ আহে জোনাই সমজিলা কাৰ্যালয়লৈ ।

লগতে পঢ়ক: মন্ত্ৰী-বিধায়কৰ নেতৃত্বত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন শাসকীয় দলৰ - PANCHAYAT ELECTION 2025

যুদ্ধংদেহী প্ৰস্তুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা বিজেপি মিত্ৰজোঁটৰ - ASSAM PANCHAYAT ELECTIONS 2025

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details