হোজাইত বিষ্ণু মন্দিৰত চুৰিকাণ্ড - Theft in Hojai

🎬 Watch Now: Feature Video

thumbnail
হোজাইত বিষ্ণু মন্দিৰত চুৰিকাণ্ড (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 8:56 AM IST

1 Min Read
Choose ETV Bharat

হোজাই, ১৭ মাৰ্চ : হোজাইত চাঞ্চল্যকৰ ঘটনা । হোজাই জিলাৰ লংকাৰ দুটাকৈ মন্দিৰত শুকুৰবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ড । লংকা লামডিং পথৰ লংকা টাউনৰ পাঁচ নম্বৰ ওৱাৰ্ডৰ শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ তলা ভাঙি চুৰিকাণ্ড সংঘটিত কৰাৰ লগতে কাষতে থকা শিৱ মন্দিৰতো চোৰে চলাই চাফাই অভিযান । ঘটনা অনুসৰি চোৰে মন্দিৰৰ দুৱাৰৰ তলা ভাঙি প্রৱেশ কৰি মন্দিৰ ভিতৰৰ থাপনাত থকা বিষ্ণুৰ পিতলৰ মূৰ্তিৰ লগতে বিভিন্ন সামগ্ৰী, দানপাত্ৰত থকা লক্ষাধিক ধন লৈ উধাও হয় ।  

স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, দিনক দিনে হোজাই জিলাত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । পূৰ্বতেও বিভিন্ন ধৰ্মীয় স্থানত সংঘটিত হৈ আহিছে চুৰিকাণ্ড । যাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ।

লগতে পঢ়ক: অভিযুক্তক ৰেহাই দিয়াৰ নামত ১৩ লাখ টকা লৈ গ্ৰেপ্তাৰ পল্টন বজাৰ থানাৰ এ এছ আই

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details