অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫ৰ অন্তিম দিন, LIVE - 15TH ASSAM LEGISLATIVE ASSEMBLY
🎬 Watch Now: Feature Video


Published : March 25, 2025 at 9:58 AM IST
|Updated : March 25, 2025 at 3:59 PM IST
1 Min Read
আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চদশ তথা অন্তিম দিন । আজি অৰ্থাৎ মঙলবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় ৷ অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২৫ ৰ কাৰ্যক্ৰমণিকা ৷ বিগত দিনকেইটাত শাসক বিৰোধীৰ মাজত বিভিন্ন কথাত তৰ্কযুদ্ধৰ লগতে উত্তপ্ত পৰিস্থিতিৰ বাবে বিধানসভাৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণকলৈ বিৰোধীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ আজি অন্তিমটো দিনটো উত্তাল হোৱাৰ সম্ভাৱনা অসম বিধানসভাৰ সদনৰ মাজ-মজিয়া ৷ আজি চৰকাৰে দাখিল কৰিব ‘‘দ্যা আসাম ক’চিং ইনষ্টিটিউটচ(কণ্ট্ৰ’ল এণ্ড ৰেগুলেশ্যন) বিল 2025’’ ৷ লগতে বিবেচনাৰ বাবে দাখিল কৰা হ’ব ‘‘দ্যা আসাম ভেটেৰিনাৰী এণ্ড ফিচাৰি ইউনিভাৰ্চিটি (এমেণ্ডমেণ্ট) বিল 2025’’ ৷ তাদুপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব ৰূপান্তৰ আৰু উন্নয়ণ বিভাগৰ 2023-24 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন ৷
Last Updated : March 25, 2025 at 3:59 PM IST