চিৰাঙত বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail
চিৰাঙত বিপিএফ দলত বৃহৎ যোগদান কাৰ্যসূচী (undefined)

By ETV Bharat Assamese Team

Published : February 12, 2024 at 5:48 PM IST

1 Min Read
Choose ETV Bharat

চিৰাং, 12 ফেব্ৰুৱাৰী : সোমবাৰে চিৰাঙৰ চামথাইবাৰীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিপিএফ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । চিৰাং জিলাৰ চামথাইবাৰী বাথৌ খেৰাই ফেমিলী ৰিজৰ্টত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বিজনী বিধানসভা সমষ্টিৰ বিজেপি, ইউপিপিএল আৰু অন্যান্য দলৰ পৰা প্ৰায় 894 সদস্যই বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

এই সন্দৰ্ভত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, প্ৰমোদ বড়ো চৰকাৰক বিটিআৰৰ ৰাইজে বেয়া পায় যাৰ বাবে দলে-বলে লোকে বিপিএফ দলত যোগদান কৰিছে। আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলে দৰং আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব আৰু বিপুল ভোটত বিপিএফৰ প্ৰাৰ্থী জয়ী হ'ব। অহা মাৰ্চ মাহত আগন্তুক লোকসভা নিৰ্বাচনৰ দুটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে হাগ্ৰামা মহিলাৰীয়ে । এই অনুষ্ঠানত বিপিএফ দলৰ শতাধিক নেতা-কৰ্মী উপস্থিত থাকে।

লগতে পঢ়ক: সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’বনে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰে !