ধেমাজিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী - LOK SABHA ELECTIONS

🎬 Watch Now: Feature Video

thumbnail
ধেমাজিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী (undefined)

By ETV Bharat Assamese Team

Published : March 25, 2024 at 6:07 PM IST

1 Min Read
Choose ETV Bharat

ধেমাজি, ২৫ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । দেশৰ বিভিন্ন ৰাজ্যৰ উপৰিও অসমৰো প্ৰতিটো লোকসভা সমষ্টিত নিৰ্বাচনক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । শাসকীয় বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে দলীয় ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ হাতত লৈছে । তাৰ অংশস্বৰূপে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাসমূহত বিজেপি দলে ব্যাপক প্ৰচাৰ আৰু দলীয় সংগঠন শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে ।

সোমবাৰে ভাৰতীয় জনতা যুৱ মৰ্চা ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু বিজেপি জিলা সমিতিৰ সহযোগত বৃহৎ যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয় । ধেমাজি জিলাৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপি দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি, কংগ্ৰেছৰ প্ৰাক্তন নেতা, বিভিন্ন সংগঠনৰ প্ৰাক্তন কৰ্মী, জ্যেষ্ঠ নাগৰিক, অৱসৰপ্ৰাপ্ত বিষয়াকে ধৰি ২০০ ৰো অধিক লোকে যোগদান কৰে । সভাত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ তথা আগন্তুক লোকসভা নিৰ্বাচনৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক :ঢোলে-ডগৰে ধেমাজিত ৰাইজে আদৰিলে ন-কংগ্ৰেছী উদয় শংকৰ হাজৰিকাক - Uday Shankar Hazarika In Dhemaji