টিকট বিচাৰি ভৱেশ কলিতাক আৱেদন জয়ন্ত দাসৰ - BJP candidate application

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 26, 2024 at 10:14 PM IST

2 Min Read

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলে আৰম্ভ কৰিছে প্ৰাৰ্থিত্বৰ কুচকাৱাজ । ইতিমধ্যে আম আদমি পাৰ্টীয়ে তিনিটাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ ঘোষণা কৰিছে । তাৰ মাজতে আজি বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থিত্বৰ বাবে আবেদন জনাইছে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে । সোমবাৰে তেওঁ বশিষ্ঠস্থিত দলৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে দলীয় টিকটৰ আবেদন পত্ৰ দাখিল কৰে সভাপতি ভৱেশ কলিতাক ।  

আবেদন পত্ৰ দাখিল কৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে কয় যে কেইবা দশক ধৰি দলীয় কৰ্মকৰ্তা হিচাপে তেওঁ কাম কৰি আহিছে । আগৰে পৰা ৰাইজৰ প্ৰতিনিধি হৈ কাম কৰাৰ বাবে তেওঁ দলৰ ওচৰত ইচ্ছা প্ৰকাশ কৰি আহিছে । এইক্ষেত্ৰত দলে বিবেচনা কৰি প্ৰাৰ্থী বাচনি কৰিব বুলি উল্লেখ কৰি তেওঁ কয়," প্ৰতিজন কাৰ্যকৰ্তাই টিকট বিচাৰি আবেদন কৰাটো এক অধিকাৰ । ইয়াৰ পিচতেই দলে সিদ্ধান্ত লৈ কাক টিকট দিয়ে সেয়া দলীয় নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে । দলৰ নিৰ্ণয়ক সদায় সন্মান জনাই আহিছো আৰু এইবাৰো দলে যি নিৰ্ণয় কৰে সেয়াই মানি লম ।"

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দলে তেওঁক সুযোগ দিব বুলি যথেষ্ট আশাবাদী বুলিও মন্তব্য আগবঢ়াই বিজেপিৰ উপ-সভাপতি গৰাকীয়ে । উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনতো জয়ন্ত দাসে দলীয় টিকট বিচাৰিছিল যদিও শেষ মুহূৰ্তত টিকটৰ পৰা বঞ্চিত হৈছিল । পিচত দল এৰি নিৰ্দলীয়া হিচাপে প্ৰতিদন্দিতা আগবঢ়াবলৈ মন মেলিছিল যদিও ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত সেই সিদ্ধান্ত বাতিল কৰিছিল । 

লগতে পঢ়ক:কংগ্ৰেছ এইবাৰ শূন্য, AIUDF এ লাভ কৰিব দুখন আসন- সাংসদ দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.