বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰে: বৰাকত ক'লে টিএমচিৰ নেত্ৰী সায়োনি ঘোষে - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
Lok Sabha Election 2024 (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 10:20 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ, ২৩ এপ্ৰিল: শিলচৰত উপস্থিত পশ্চিম বংগৰ যুৱ তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী সায়োনি ঘোষ আৰু পশ্চিম বংগৰ ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সংবাদিক সাগৰিকা ঘোষ । পুৱা কলকাতাৰ পৰা বিমানযোগে শিলচৰ বিমানবন্দৰত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ দুয়োগৰাকী নেত্ৰী । শিলচৰ চহৰত উপস্থিত হৈ শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ তিনিখন নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে তেওঁলোকে ।  

শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সোনাই স্বাধীন বাজাৰ, ধলাই আৰু শিলচৰ চহৰত তিনিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে সায়োনি ঘোষ আৰু সাগৰিকা ঘোষে । সভাত অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰভাৱে সমালোচনা কৰে সায়োনি ঘোষে । তেওঁ কয় যে, বিজেপি চৰকাৰক লৈ ৰাইজ বহুত চিন্তাত আছে । মমতা বেনাৰ্জীৰ শিলচৰত সভা দেখি বিজেপিয়ে ভয় খাইছে । তাৰ বাবে শিলচৰত অমিত শ্বাহ আহিছে ৰোড শ্ব' কৰিবলৈ ।  

লগতে বিজেপি চৰকাৰক তীব্ৰভাবে সমালোচনা কৰে তৃণমূল নেত্ৰী সায়োনি ঘোষে কয় যে প্ৰতিবাদ কৰিলেই সকলোকে বিভিন্ন ধৰণে ভয় খুৱাই নৰেন্দ্ৰ মোদীয়ে । উন্নয়নৰ কথা কোৱাৰ পৰিৱৰ্তে হিন্দু-মুছলমান, ধৰ্ম, শ্মশান-কবৰস্থান এইবোৰ বিষয়ৰ ৰাজনীতি কৰিছে বিজেপিয়ে । বৰাকত উন্নয়নৰ কোনো ছাঁ পৰা নাই বুলিও সায়োনিয়ে অসমৰ বিজেপি চৰকাৰক সমালোচনা কৰে ।

ইপিনে,পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সংবাদিক সাগৰিকা ঘোষে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাবে একো কৰা নাই । অসমত হিন্দু - মুছলমান ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: কোনো ধৰণেই হিন্দু নহয় অসমৰ জনজাতীয় লোকসকল: ৰাজু দেউৰী - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details