হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাটো কংগ্ৰেছৰ বাবে অশুভ সংকেত: ৰঞ্জিত দত্ত - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video

Published : April 9, 2024 at 9:32 PM IST
চতিয়া,৯ এপ্ৰিল: মঙলবাৰে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ কুসুমটোলাত অনুষ্ঠিত যুৱ সমাৰোহত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলালে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই । উক্ত যুৱ সমাৰোহত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বিজেপি চৰকাৰখনৰ প্ৰতি থকা সমৰ্থন আৰু আন্তৰিকতাৰ উমান লয় প্ৰাৰ্থীগৰাকীয়ে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি উল্লেখ কৰি অহা নিৰ্বাচনত শাসকীয় দলৰ বিধায়কসকলৰ মাজৰ পৰা কোনে কিমান বেছিকৈ ভোট দিব তাৰহে প্ৰতিযোগিতা হ'ব বুলি উল্লেখ কৰে ৷
আনহাতে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে প্ৰাৰ্থীগৰাকীয়ে । তেওঁ কয় যে, দিনত সপোন দেখা ভূপেন বৰাই হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ চেষ্টা চলাইছে যদিও হেলিকপ্টাৰ ষ্টাৰ্ট নোহোৱাটোৱে কংগ্ৰেছ দলৰ বাবে অশুভ সংকেত । এয়া কংগ্ৰেছৰ বাবে পৰাজয়ৰ আগজাননী বুলি মন্তব্য কৰে দত্তই ৷ ইফালে আপৰ প্ৰসংগত দত্তই কয় যে আপে ইয়াত প্ৰচাৰ চলোৱাৰ পূৰ্বেই ভোটাৰ ৰাইজে আপক ঝাৰু মাৰি বিদায় দিলে ৷ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ।
লগতে পঢ়ক: প্ৰতিকেজি চুপাৰিত মুখ্যমন্ত্ৰীয়ে পাই ৩০ টকা: ভূপেন বৰা - Lok Sabha Election 2024