অসমৰ বিভিন্ন প্ৰান্ততো হাতীৰ খাদ্যৰ খেতি কৰাৰ আহ্বান হাতীবন্ধু বিনোদ দুলু বৰাৰ - Cultivation for wild elephants - CULTIVATION FOR WILD ELEPHANTS
🎬 Watch Now: Feature Video

Published : August 13, 2024 at 9:15 PM IST
চামগুৰি,১৩ আগষ্ট: বিগত সাতটাকৈ বছৰে সহাৰি পোৱাৰ পিছত অষ্টমটো বৰ্ষৰ বাবে নগাঁও-কাৰ্বি-আংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাং গাঁৱৰ হস্তীদণ্ডীত বন্যহস্তীৰ বাবে পুনৰ আৰম্ভ কৰা হ'ল কৃষিকাৰ্য । গণেশ দেৱতালৈ ধূপ-দীপ-নৈবদ্য আগবঢ়াই যোৱা 'বিশ্ব হস্তী দিৱস'ৰ দিনটোৰ পৰাই স্থানীয় গাঁওবাসীৰ সহযোগত গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত তথা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত পূৰ্বৰ দৰে এইবছৰো হস্তীদণ্ডীৰ প্ৰায় ২০০ বিঘা ভূমিত আৰম্ভ কৰা হয় কৃষিকাৰ্য ।
যাতে আঘোণমহীয়া ভৈয়ামৰ কৃষক ৰাইজে খেতি চপোৱাৰ দিন কেইটাত বন্যহস্তীৰ জাকে ভৈয়ামৰ পথাৰত উপদ্ৰৱ নচলাই ব্যস্ত থাকে ৰংহাংৰ পথাৰতে । 'হাতীবন্ধু' নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ উদ্যোগত এইবছৰো ৰংহাঙৰ হস্তীদণ্ডীত কৰা ধানখেতিৰ জৰিয়তে বন্যহস্তীৰ জাকক আঘোণ মাহত ভৈয়ামলৈ নামি যাব নোৱৰাকৈ অন্ততঃ ২৫ দিন পথাৰখনতে ব্যস্ত ৰখাৰ পৰিকল্পনা কৰিছে দুলু বৰাই । যাৰ বাবে দুলু বৰাৰ পত্নী মেঘ্নাময়ূৰ হাজৰিকাৰ সহযোগিতাত এতিয়া স্ব-ইচ্ছাৰে পথাৰখনত ভূঁই ৰুই শ্ৰমদান কৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক ৰোৱনী মহিলাই ।