CAA আন্দোলন ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰিবলৈহে কৰা হৈছিল: বিমল বড়া - Assam Police On Caa

🎬 Watch Now: Feature Video

thumbnail
CAA আন্দোলন সন্দৰ্ভত বিমল বড়াৰ প্ৰতিক্ৰিয়া (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 7:50 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ,২ মাৰ্চ: লোকসভা নিৰ্বাচনৰ পুৰ্বে দেশজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে এই মাহৰ পৰাই সমগ্ৰ দেশত CAA বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পিছত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যত । কেন্দ্ৰীয় চৰকাৰে কা বলৱৎ কৰিব বুলি ঘোষণা কৰা সময়তে পুনৰ ৰাজ্যৰ দল-সংগঠন সমূহ গৰজি উঠিছে। ইয়াৰ মাজতে CAA ক লৈ ডিব্ৰুগড়ৰ খোৱাঙত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কেবিনেট মন্ত্ৰী বিমল বড়াই ।  

মন্ত্ৰী গৰাকীয়ে কয় যে, CAA আন্দোলন কোনোবা ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰিবলৈহে কৰা হৈছিল । একাংশ দল-সংগঠনে অপপ্ৰচাৰ চলাই ৰাইজৰ মাজত আতংকময় পৰিৱেশ সৃষ্টি কৰিছিল । CAA ৰ জৰিয়তে বাংলাদেশীক নাগৰিকত্ব দিয়া দেখুৱাই দিব পাৰিলে আজিয়েই বিধায়ক পদ ত্যাগ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী বড়াই । CAA আন্দোলনে অসমৰ উদ্যোগ ক্ষেত্ৰখনো বহুখিনি পিছুৱাই দিলে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কেবিনেট মন্ত্ৰী বিমল বড়াৰ ।

লগতে পঢ়ক: চৰকাৰে দমন নীতিৰে আন্দোলন বন্ধ কৰিব নোৱাৰে; আছু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details