বৰ্ণিল কৃষ্টি প্ৰদৰ্শনেৰে অন্ত পৰিল টাই সাহিত্য অধিবেশনৰ - TAI DANCE
🎬 Watch Now: Feature Video

Published : December 29, 2024 at 11:12 PM IST
যোৰহাট: টাই আহোমৰ বৰ্ণিল কৃষ্টি প্ৰদৰ্শনেৰে অন্ত পৰিল টাই সাহিত্য অধিবেশনৰ । অংশগ্ৰহণ কৰিলে নাগালেণ্ডৰ লোকে । মৰিয়নীৰ চেলেংহাটৰ ডামচাও তিলক গগৈ ক্ষেত্ৰত যোৱা ২৭ ডিচেম্বৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বি বাৰ্ষিক অধিবেশনৰ অন্তিম দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা তথা এহেজাৰ যুৱতীৰ টাই নৃত্য প্ৰদৰ্শনৰে উদ্ভাসিত হৈ পৰে অধিবেশন প্ৰাংগন । দেওবাৰে সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । ইয়াৰ পিচতে এহেজাৰ যুৱতীয়ে প্ৰদৰ্শন কৰে টাই আহোমৰ পৰম্পৰাগত লাইলুঙ খাম নৃত্য।
ইয়াৰ পূৰ্বে পতাকা উত্তোলন, মৈদাম তৰ্পণ কাৰ্যসূচী অনুষ্ঠিতহয় । উল্লেখ্য যে অধিৱেশন উপলক্ষে জনগোষ্ঠীয় পানীয় আৰু পৰম্পৰাগত খাদ্য মেলাত যথেষ্ট ভিৰ হয়। আনহাতে,পূবাঞ্চল টাই সাহিত্য সভাৰ মুকলি সভাত মন্ত্ৰী বিমল বড়া,যোগেন মহন আৰু নাগালেণ্ডৰ প্ৰাক্তন মন্ত্ৰী চমই ইয়ং উপস্থিত থাকে । উল্লেখ্য যে প্ৰতিনিধি সভাত অতুল ফুকনক সভাপতি আৰু ড৹ ৰত্ন গোপাল গগৈক সম্পাদক হিচাপে লৈ পূবাঞ্চাল টাই সাহিত্য সভাৰ আগন্তক দুটা বৰ্ষৰ বাবে এখন নতুন সমিতি গঠন কৰা হয় ।