কিয় ভূৱন গামে ঠিকাদাৰক আখ্যা দিলে ভিক্ষাৰী বুলি ? - নেপালীবাৰী আয়ুষ চিকিৎসালয়

🎬 Watch Now: Feature Video

thumbnail
কিয় ভূৱন গামে ভিক্ষাৰী ঠিকাদাৰ বুলি আখ্যা দিলে ঠিকাদাৰক ? (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 4:59 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 2 মাৰ্চ : মুখ্যমন্ত্ৰী নহয়, এইবাৰ খঙৰ ভমকত ৰাইজৰ আগতে মাজুলীৰ বিধায়ক ভূৱন গামে ধমক দিলে ঠিকাদাৰ প্ৰভাত গগৈক ৷ কাৰণ ধূলিময় মাজুলীৰ বহু পথ ৷ অস্বস্তিত পৰিছে মাজুলীবাসী ৷ নিজৰ কাম ভালদৰে কৰা নাই ঠিকাদাৰ প্ৰভাত গগৈয়ে ৷

উল্লেখ্য যে, সত্ৰপীঠ মাজুলীৰ বালিগাঁও চাৰিআলিৰ পৰা নেপালীবাৰী আয়ুষ চিকিৎসালয় সংযোগী এই পথছোৱা নিৰ্মাণৰ দায়িত্বত আছে ঠিকাদাৰ প্ৰভাত গগৈ ৷ বিধায়কে কেতিয়াবা ফোন কৰিলেও ফোন নধৰে ঠিকাদাৰ প্ৰভাত গগৈয়ে । এই অভিযোগ বিধায়ক গামৰ ৷ খঙৰ ভমকত প্ৰভাত গগৈক সন্মুখত পাই ভিক্ষাৰী ঠিকাদাৰ বুলি আখ্যা দিলে মাজুলীৰ বিধায়ক গামে ।

জানিব পৰা মতে, বিগত বছৰতেই বিধায়ক ভূৱন গাম আৰু মাজুলীৰ আয়ুক্ত কাবেৰী বি. শৰ্মাৰ উপস্থিতিত এই পথৰ আধাৰশিলা স্থাপন হৈছিল । এটা বছৰ হ’ল, তথাপিও এই পথৰ কামৰহে বিশেষ অগ্ৰগতি নহ’ল ৷ যাৰ ফলশ্ৰুতিত শনিবাৰে  সেই পথত উপস্থিত হৈ ঠিকাদাৰক ধমক দিলে বিধায়কগৰাকীয়ে ।

আনকি ঠিকাদাৰক এমাহৰ ভিতৰত বালিগাঁও চাৰিআলিৰ পৰা নেপালীবাৰী আয়ুষ চিকিৎসালয় সংযোগী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিলে বিধায়কগৰাকীয়ে । বিধায়কৰ এই পদক্ষেপক ধন্যবাদ দিছে স্থানীয় লোকসকলেও ৷ কিয়নো বাৰিষা পালেহি, সেয়ে এই কামৰ অগ্ৰগতি নহ’লে সাধাৰণ ৰাইজেই যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাত পৰিব ।

লগতে পঢ়ক : ৯৩৬ জন প্ৰাক্তন আলফা সদস্যক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details