চিমেন চাপৰিত আয়োজন সপ্তদশ ভাগৱত পাঠ - Simen Chapri Milanjyoti Namghar

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : February 25, 2024 at 1:56 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, ২৫ ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰি আঞ্চলিক বৰনামঘৰৰ উদ্যোগত চিমেন চাপৰিবাসীৰ সহযোগত আৰু ৩ নং চিমেন চাপৰি মিলনজ্যোতি নামঘৰৰ আতিথ্যত অনুষ্ঠিত হয় সপ্তদশ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ৷ এই সপ্তদশ ‘‘ভাগৱত পাঠ আৰু ব্যাখ্যা’’ অনুষ্ঠানৰ আৰম্ভণিৰ দিনাৰ পুৱা ভাগত পৰিৱেশ নিকাকৰণ সমাপ্ত কৰি ধৰ্মধ্বজা উত্তোলন কৰা হয় । ইয়াৰ পিচতেই নাম প্ৰসংগৰ কাৰ্যসূচী আৰম্ভ হয় ৷

ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত অংশগ্ৰহণ কৰে লক্ষিমপুৰ নাওবৈচাৰ মোহন পাঠকে । লগতে এই অনুষ্ঠানত যোৰহাট, ডিব্ৰুগড়, দুলীয়াজান, ধেমাজিৰ ভকত বৈষ্ণৱসকলেও অংশগ্ৰহণ কৰে । সামৰণিৰ দিনা বিশেষ আকৰ্ষণ হিচাপে যোৰহাট জাঁজীৰ পৰা দিহাৰত্ন কমলা গগৈয়ে ভাগৱত তত্ত্ব ব্যাখ্যা আৰু টোকাৰী গীত পৰিৱেশ কৰিব বুলি সদৰী কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াই ।

লগতে পঢ়ক:সুদৰ বিনিময়ত টকা ধাৰে লোৱা লোকক সকাহ প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details