লুৰীণজ্যোতি গগৈক পৰাজিত নায়ক আখ্যা ভৱেশ কলিতাৰ - নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

🎬 Watch Now: Feature Video

thumbnail
ভৱেশ কলিতা (undefined)

By ETV Bharat Assamese Team

Published : March 6, 2024 at 10:15 PM IST

|

Updated : March 6, 2024 at 10:28 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 6 মাৰ্চ : বুধবাৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে সভাপতি গৰাকীয়ে ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভৱেশ কলিতাই । "অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ পৰাজিত নায়ক । বেচেৰাই আৰু কিমান হাৰিব", এই মন্তব্য বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । ৰাজ্যত কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দল তছনছ হৈ গ’ল ৷ আদৰ্শ নথকা তথা দেশক আগবঢ়াই নিবলৈ কোনো পৰিকল্পনা নথকা বিৰোধী দলক ৰাইজে লগ এৰা দিছে বুলি মন্তব্য কৰে ভৱেশ কলিতাই । আনহাতে আইনত ৰূপান্তৰিত হোৱা ‘কা’ আদালতে যদি বাতিল কৰে তেন্তে বাতিল হ’ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : ফটা বাঁহৰ দৰে কংগ্ৰেছৰ এলায়েঞ্চ, কেতিয়াও জোৰা নালাগে : ভৱেশ কলিতা

Last Updated : March 6, 2024 at 10:28 PM IST

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details