বিহালীৰ বুৰৈগুৰীত হাতীৰ গচকত নিহত এজন - ELEPHANT KILLED ONE AT BEHALI
🎬 Watch Now: Feature Video


Published : December 14, 2024 at 10:50 AM IST
বিশ্বনাথ : বিহালীৰ বুৰৈগুৰীত শনিবাৰে পুৱাতে সংঘটিত হয় এক শোকাৱহ ঘটনা । পুৱা ৫.৩০ বজাত বন্যহস্তীৰ গচকত চাহ বাগানত কৰ্মৰত মিলন কিষাণ নামৰ এজন লোকৰ মৃত্যু হয় । তেওঁৰ বয়স প্ৰায় ৫০ বছৰ । নিহত লোকজনৰ ঘৰ বিহালীৰ নাচবৰত । কৰ্মসূত্ৰে তেওঁ বিহালীৰ বুৰৈগুৰীৰ অশোক দাসৰ ঘৰত প্ৰায় ১৫ বছৰ ধৰি আছিল ।
এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বিহালী আৰক্ষী আৰু বৰগাঙৰ বন বিভাগৰ লোক । নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
ইফালে বুৰৈগুৰীৰ ৰাইজে হাতী-মানহৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় । লগতে নিহত লোকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে বন বিভাগৰ ওচৰত দাবী জনায় । অৱশ্যে ঘটনাটোৰ খবৰ পোৱাৰ পিছতো বন বিভাগৰ লোক পলমকৈ উপস্থিত হোৱাত উত্তেজিত ৰাইজৰ উগ্ৰমূৰ্তি দেখি তেওঁলোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও বিহালী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
উল্লেখ্য যে বিহালী সংৰক্ষিত বনাঞ্চলৰ পৰা দৈনিক নিকটৱৰ্তী অঞ্চল বেদেতী, ৰৌমাৰী, ৰাংছালী, কুলাগুৰি আদি অঞ্চলত বনৰীয়া হাতী প্ৰৱেশ কৰি শ শ বিঘা কৃষিভূমি নষ্ট কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে । ইফালে এই সমস্যাটো স্থায়ী সমাধানৰ দাবীত ৰাইজে বহুবাৰ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে যদিও বৰ্তমানলৈকে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি উল্লেখ কৰে স্থানীয় লোকসকলে ।