চুৰি সামগ্ৰীসহ চাৰিটাকৈ চোৰ আৰক্ষীৰ জালত - চাৰিটাকৈ চোৰ আৰক্ষীৰ জালত

🎬 Watch Now: Feature Video

thumbnail
চুৰি সামগ্ৰীসহ চাৰিটাকৈ চোৰ আৰক্ষীৰ জালত (undefined)

By ETV Bharat Assamese Team

Published : February 14, 2024 at 7:23 AM IST

1 Min Read
Choose ETV Bharat

বৰপেটাৰোড, ১৪ ফেব্ৰুৱাৰী : বৰপেটাৰোডত বিগত কিছুদিন ধৰি সঘনাই হৈ থকা চুৰি কাৰ্যৰ সৈতে জড়িত চাৰিটাকৈ চোৰক বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত চোৰ চাৰিটা ক্ৰমে আকতাৰ আলী, ছুলেমান আলী, ছাদ্দাম হুছেইন আৰু নুৰুল হক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীত বৰপেটাৰোডৰ ৰমেন্দ্ৰ নগৰৰ বাসিন্দা তথা সেনা বাহিনীৰ প্ৰাক্তন সেনা জোৱান তপন চন্দ্ৰ নাথৰ ঘৰত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে তেওঁৰ ঘৰৰ আচবাব পত্ৰ লণ্ডভণ্ড কৰে ৷ লগতে লকাৰ ভাঙি প্ৰায় ৯ তোলা সোণসহ প্ৰায় ৫০ হাজাৰ টকা চুৰি কৰি নিয়ে ।  

পৰৱৰ্তী পৰ্যায়ত বৰপেটাৰোড আৰক্ষীয়ে চুৰি কাৰ্যৰ তদন্ত কৰি মঙলবাৰে চাৰিটাকৈ দুৰ্ধৰ্ষ চোৰক কৰায়ত্ত কৰাৰ লগতে প্ৰায় ১৬ গ্ৰাম সোণ আৰু নগদ ২০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উক্ত সোণখিনি চোৰ তিনিটাই হাউলীৰ সমীপৰ গৰেমাৰীৰ সোণাৰি নুৰুল হকৰ গহনাৰ দোকানত বিক্ৰী কৰিছিল ৷ আৰক্ষীৰ আগত ধৃত চোৰ তিনিটাই এই স্বীকাৰোক্তি দিয়ে ।

গৰেমাৰীৰ সোণাৰীয়ে সোণখিনি গলাই মজুত কৰি জংঘলৰ মাজত লুকুৱাই ৰাখিছিল বুলি জানিব পৰা গৈছে ৷ পাচত সোণখিনি সোণাৰি নুৰুল হকৰ পৰা উদ্ধাৰ কৰাৰ লগতে চুৰি সোণ ক্ৰয় কৰাৰ অপৰাধত সোণাৰী নুৰুল হককো বৰপেটাৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । 

লগতে পঢ়ক: দোকানৰ সামগ্ৰী কিনিবলৈ ধনৰ বেগ থওঁতেই লুটিলে চোৰে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details