চিলনী চোৰৰ উৎপাতত সৰগ ভাগি পৰিল এগৰাকী শিক্ষয়িত্ৰীৰ মূৰত

🎬 Watch Now: Feature Video

thumbnail
চিলনী চোৰৰ উৎপাত (undefined)

By ETV Bharat Assamese Team

Published : March 1, 2024 at 6:49 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট, 1 মাৰ্চ : যোৰহাটত এটা সপ্তাহত দিন দুপৰতে তিনিটাকৈ ধন লুটৰ ঘটনা সংঘটিত হৈছে ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে চিলনী চোৰৰ চিকাৰ হ’ল এগৰাকী প্ৰধান শিক্ষয়িত্ৰী ৷ যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ১০০ মিটাৰ নিলগৰ এটি ৰোডৰ এছ বি আইৰ কাৰ্যালয়ৰ সন্মুখতে চিলনী চোৰৰ কৱলত পৰে এগৰাকী প্ৰধান শিক্ষয়িত্ৰী ।

জানিব পৰা মতে, চাৰিগাঁও উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নৱনীতা নেওগ শইকীয়া পৰা এখন বাইকত অহা চিলনী চোৰে থপিয়াই লৈ তেওঁৰ হাতত থকা বেগটো ৷ টকাসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল বেগটোত । বিশেষকৈ বেগটোত থকা ফোনটোৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিদ্যালয়ৰ সমস্ত ডাটা ফোনটোতে আছিল ৷ এতিয়া ফোনটো নাইকিয়া হোৱাৰ বাবে তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব ৷

উল্লেখ্য যে,  যোৰহাট নগৰত যোৱা মঙলবাৰে দিনতে দুটাকৈ ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ পাচত আজি শুকুৰবাৰে পুনৰ এই চিলনী চোৰৰ কাণ্ড সংঘটিত হোৱাত চহৰখনত আৰক্ষীৰ নিৰাপত্তা দিশটোক লৈ বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে । বাইকত অহা চোৰে শিক্ষয়িত্ৰী গৰাকীক বহু দূৰ চোঁচৰাই নিয়ে বাবে তেওঁ কিছু সময়ৰ বাবে দিগবিদিক হেৰুৱাই পেলায় ।

আৰক্ষী অধীক্ষক হিচাপে শ্বেতাংগ মিশ্ৰই দায়িত্বভাৰ গ্ৰহণ কৰা এসপ্তাহ নৌহওতেই তিনিটাকৈ ধন লুটৰ ঘটনাই যোৰহাটবাসীক ভবাই তুলিছে ৷ যোৰহাটবাসী ৰাইজ নিৰাপত্তাহীনতাত ভূগিছে । তাৎপৰ্যপূৰ্ণ  যে, বৰ্তমান যোৰহাট আৰক্ষী প্ৰধানমন্ত্ৰীৰ যোৰহাট ভ্ৰমণক লৈ অহাৰ বাবে ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি একাংশ ডকাইত আৰু চিলনী চোৰ সক্ৰিয় হৈ পৰা দেখা পোৱা গৈছে ।

লগতে পঢ়ক : নলবাৰীত খুঁটাত বান্ধ খালে বিহাৰী চিলনী চোৰ