বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ আৰম্ভ হ'ল আয়ুষ্মান ভাৰত কাৰ্ডৰ সেৱা - B Baruah Cancer Institute - B BARUAH CANCER INSTITUTE

🎬 Watch Now: Feature Video

thumbnail
পুনৰ আৰম্ভ হ'ল আয়ুষ্মান ভাৰত কাৰ্ডৰ সেৱা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 31, 2024 at 10:51 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী,৩১ জুলাই: বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পুনৰ আৰম্ভ হ'ল আয়ুষ্মান ভাৰত কাৰ্ডৰ সেৱা । পূৰ্বৰ দৰেই সকলো ৰোগীয়ে নিয়মীয়াকৈ আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিব পাৰিব বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত । সাময়িকভাৱে বন্ধ হৈ থকা সেৱা বুধবাৰৰ পৰা পুনৰ আৰম্ভ কৰা বুলি জনালে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষক ডাঃ মিনতি বৰুৱাই । ডাঃ মিনতি বৰুৱাই কয়, "মঙলবাৰে আপ্ৰাণ চেষ্টা চলোৱাৰ পিচত আজিৰ পৰা পুনৰ আয়ুষ্মান সেৱা আৰম্ভ কৰা হৈছে । মঙলবাৰে অস্থায়ীভাৱে নতুন ৰোগীৰ বাবে সেৱা বন্ধ কৰা হৈছিল । পুৰণিসকলে এই সেৱা লাভ কৰি আছিল । যিসকলে মঙলবাৰে এই সেৱাৰ পৰা বঞ্চিত হৈছে আজিৰ পৰা এই সেৱা লাভ কৰিব ।"  

উল্লেখ্য যে, সাধাৰণ ৰোগৰ বাদে ৩০০ বিধ জটিল ৰোগৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী উভয় প্রতিষ্ঠানতে আয়ুষ্মান কাৰ্ডৰ অধীনত ৰোগীসকলৰ চিকিৎসা সেৱা উপলব্ধ হ'ব বুলি মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰাৰ সময়ত মহানগৰীৰ ডাঃ বি বৰুৱা কৰ্কট প্রতিষ্ঠানত সেই কাৰ্ডৰ সুবিধা ল'বলৈ গৈ মঙলবাৰে কৰ্কট ৰোগী তথা অভিভাৱকসকল বিমোৰত পৰিছিল । পুঁজিৰ অভাৱৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে উল্লেখনীয় ৰাজহুৱা খণ্ডৰ চিকিৎসা প্রতিষ্ঠানটোত আয়ুষ্মান কাৰ্ডৰ অধীনত ৰোগীৰ প্ৰাপ্য সুবিধা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল । সেইমর্মে চিকিৎসা গ্রহণৰ বাবে অহা ৰোগীসকল এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল ।

লগতে পঢ়ক: চিকিৎসা মাচুল বৃদ্ধিৰ বিৰোধিতা আছুৰ - Medical Charge Hike

চিকিৎসা মাচুল বৃদ্ধি সন্দৰ্ভত কি ক'লে জি এম চি এইচৰ অধ্যক্ষই - Gauhati Medical College Hospital

ABOUT THE AUTHOR

...view details