গছ কটাৰ বিৰুদ্ধে সৰৱ অসমীয়া যুৱ মঞ্চ

🎬 Watch Now: Feature Video

thumbnail
গছ কটাৰ বিৰুদ্ধে সৰৱ অসমীয়া যুৱ মঞ্চ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 30, 2024 at 6:02 PM IST

1 Min Read
Choose ETV Bharat

আমগুৰি: দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীৰ লগতে দল-সংগঠন । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমগুৰিত । অসমীয়া যুৱ মঞ্চই দীঘলীপুখুৰীৰ পাৰৰ ২৮ জোপা গছ কাটি পেলোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰূপায়ণ কৰে প্ৰতিবাদ । গছ কটাৰ সিদ্ধান্ত বন্ধ কৰক, অসম চৰকাৰ হায় হায়, গছ কাটিবলৈ দিয়া নহ'ব শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।  

উৰণ সেতুৰ নামত গছ কটা বন্ধ কৰিবলৈ দাবী জনাই অসমীয়া যুৱ মঞ্চই অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় । লাখ লাখ টকা খৰচ কৰি কেমেৰাৰ আগত অমৃত বৃক্ষ আন্দোলনৰ নাটক কৰাৰ অভিযোগ আনি উন্নয়নৰ নামত বন ধংসযজ্ঞ নালাগে বুলি প্ৰকাশ কৰে সংগঠনটোৱে । 

লগতে পঢ়ক: ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ

উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ