তেজপুৰৰ চিত্ৰলেখা উদ্যানত সশস্ত্ৰ সীমা বলৰ বিশেষ অনুষ্ঠান - SSB AWARENESS PROGRAMME

🎬 Watch Now: Feature Video

thumbnail
তেজপুৰত সশস্ত্ৰ সীমা বলৰ সজাগতা অনুষ্ঠান (ETV Bharat)

By ETV Bharat Assamese Team

Published : January 30, 2025 at 1:42 PM IST

1 Min Read
Choose ETV Bharat

তেজপুৰ : সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ তেজপুৰ ফ্ৰণ্টিয়াৰে বুধবাৰে পুৱা তেজপুৰৰ চিত্ৰলেখা উদ্যানত স্থানীয় জনসাধাৰণৰ মাজত স্বচ্ছতা, চাইবাৰ নিৰাপত্তা আৰু খাদ্যৰ গুৰুত্বৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে এক কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সীমান্তৱৰ্তী গাঁৱৰ দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে সজাগতা আঁচনিৰ অধীনত এছ এছ বিয়ে গ্ৰহণ কৰি থকা বিভিন্ন কল্যাণমূলক পদক্ষেপৰ ওপৰতো আলোকপাত কৰা হয় এই অনুষ্ঠানত ।

তাৰ ভিতৰত কৰ্মসংস্থাপনমুখী পদক্ষেপ, শিক্ষাৰ্থীৰ বাবে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী, কৃষকক কৃষি সঁজুলি বিতৰণ, উন্নত কৃষি পদ্ধতিৰ বাবে প্ৰশিক্ষণ, মানুহ আৰু পশু-পক্ষী উভয়ৰে বাবে চিকিৎসা শিবিৰ, শিক্ষাৰ্থীৰ বাবে শিক্ষামূলক ভ্ৰমণ আদিৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়েও আলোকপাত কৰা হয় ৷

এছ এছ বিয়ে বেটি বচাও বেটি পঢ়াও, ভাৰতৰ বীৰ, সুকন্যা সমৃদ্ধি যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, বৃক্ষৰোপণ অভিযান, মাৰ নামত এজোপা গছ, জলজীৱন মিছন, হৰিয়ালি আৰু দক্ষতা বিকাশৰ কাৰ্যসূচী আদিৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । এই অনুষ্ঠানত স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ সময়ত এছ এছ বি তেজপুৰ ফ্ৰণ্টিয়াৰৰ জাজ এণ্ড পাইপ বেণ্ডৰ দ্বাৰা বিভিন্ন দেশপ্ৰেমমূলক গীতত আকৰ্ষণীয় প্ৰদৰ্শন দেখা যায় ।

লগতে পঢ়ক :নতুন ৰূপত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী - GOPINATH BORDOLOI TROPHY 2025

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details