দেশত কাৰ্যকৰী হোৱা ৩ অপৰাধমূলক আইন সন্দৰ্ভত দলগাঁৱত সজাগতা সভা - Three New Criminal Laws - COLONIAL ERA IPC

🎬 Watch Now: Feature Video

thumbnail
দেশত কাৰ্যকৰী হোৱা ৩ অপৰাধমূলক আইন সন্দৰ্ভত দলগাঁৱত সজাগতা সভা (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 1, 2024 at 4:36 PM IST

1 Min Read
Choose ETV Bharat

মঙলদৈ,১ জুলাই : আজিৰে পৰা দেশত তিনিখন নতুন অপৰাধমূলক আইন কাৰ্যকৰী হৈছে । এই তিনিখন আইন হৈছে ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম । এই ৩ আইনে ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া বিধি আৰু ভাৰতীয় প্ৰমাণ আইনৰ স্থান লৈছে । অৱশ্যে এই আইনৰ বিভিন্ন দিশ আছে । সেই সন্দৰ্ভত ৰাইজক অৱগত বা সজাগ কৰাৰ প্ৰয়োজন আছে ।

সেই উদ্দেশ্যে আৰক্ষীয়ে বিভিন্ন স্থানত সজাগতামূলক কাৰ্যসূচী হাতত লৈছে । তাৰ অংশ হিচাপে দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ উদ্যোগতো দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩ আইন সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয় । সভাখনত এই আইনৰ বিষয়ে বিতংভাৱে আলোচনা কৰে দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) ৰৌজি তালুকদাৰে ।

সজাগতা সভাত দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৱন কুমাৰ নাথ, উপাধ্যক্ষ গাজি চালেহ মহম্মদ আনোৱাৰ হুছেইন, দলগাঁও আদৰ্শ ডিগ্ৰী কলেজৰ সঞ্চালক ফিলছুফ উদ্দিন আহমেদ, উপ পৰিদৰ্শক ৰূপাংকৰ দাস, চক্ৰ সংগঠক কুশল মেধি, বিশিষ্ট সমাজকৰ্মী সোণপ্ৰভা শইকীয়াৰ লগতে কেইবাগৰাকী অতিথি উপস্থিত থাকে । সভা অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :আজিৰে পৰা দেশত কাৰ্যকৰী নতুন অপৰাধমূলক আইন - New Criminal Laws