ৰাজ্যবাসীলৈ শুভেচ্ছা আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ - HAPPY NEW YEAR 2025
🎬 Watch Now: Feature Video

Published : January 1, 2025 at 10:46 AM IST
মাজুলী : ৰাজ্যবাসীলৈ ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনাইছে মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ।
সত্ৰাধিকাৰগৰাকীয়ে কয়, "বিগত বছৰবোৰত যি ঘাত-প্ৰতিঘাত দেখা পালোঁ বা উত্থান পতন দেখিলোঁ, ইয়াৰ পাছত নতুন বছৰটি সুন্দৰ হ'বলৈ হ'লে আমি সকলোৱে সচেষ্ট হ'ব লাগিব ।"
মাজুলী সন্দৰ্ভত সত্ৰাধিকাৰগৰাকীয়ে কয়, "বিগত বছৰবোৰৰ তুলনাত মাজুলীত যথেষ্ট উন্নতি হৈছে । মাজুলীৰ প্ৰতিখন গাঁৱত পকীপথ হ'ল, যিটো এটা ভাল কথা । দুখনকৈ দলং নিৰ্মীয়মাণ অৱস্থাত আছে । ধুনাগুৰি দলঙৰ কাম অতি সোনকালে শেষ হ'ব, যিটো আৰু এটা ভাল খবৰ ।"
আনহাতে, যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য বন্ধ হৈ থকাত দুখ প্ৰকাশ কৰি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে । মাজুলীত নিৰ্মীয়মাণ অৱস্থাত থকা দলং দুখনৰ সংযোগে মাজুলীক বহিঃবিশ্বৰ লগত নতুনকৈ চিনাকি কৰাই দিব বুলি আশা প্ৰকাশ কৰিছে সত্ৰাধিকাৰগৰাকীয়ে ।