অসমীয়াতে উপলব্ধ পৱিত্ৰ কোৰাণ শ্বৰীফ - Assamese video of the Quran

🎬 Watch Now: Feature Video

thumbnail
অসমীয়াতে উপলব্ধ পৱিত্ৰ কোৰাণ শ্বৰীফ (undefined)

By ETV Bharat Assamese Team

Published : March 17, 2024 at 1:01 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, ১৭ মাৰ্চ : অসমৰ মুছলমান সমাজৰ কাৰণে এটা অত্যন্ত ভাল খবৰ । পৱিত্ৰ ৰমজান মাহতে আহিল এই ভাল খবৰটি । অসমীয়া কণ্ঠত অনুবাদ উপলব্ধ হ’ল পৱিত্ৰ কোৰাণ শ্বৰীফৰ আৰবী অৰ্থৰ । আৰবী আৰু বাংলা ভাষাৰ পাচতে কোৰাণৰ অসমীয়া অডিঅ' আৰু ভিডিঅ' উপলব্ধ হৈছে । সঠিক আৰু শুদ্ধ ৰূপত কোৰাণৰ অসমীয়া অডিঅ' আৰু ভিডিঅ' উপলব্ধ এতিয়াৰে পৰা ইউটিউবত । চাৰিবছৰীয়া প্ৰচেষ্টাৰ অন্তত শনিবাৰে বিয়লি ইউটিউবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কোৰাণৰ অসমীয়া সংকলন ।  

হোজাইৰ নীলবাগানত প্ৰথমবাৰৰ বাবে অসমীয়া কণ্ঠত পৱিত্ৰ কোৰাণ তৰ্জমাৰ উন্মোচন কৰা হয় । তানজিম মাদাৰিছে কৌমীয়াৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে এই পৱিত্ৰ কোৰাণ তৰ্জমা । ক্কাৰী ৰিজৱান ক্কাৰী আব্দুল্লাৰ আৰবী তিলাৱাতত অসমীয়া কণ্ঠদান কৰিছে মৌলানা নুৰুল আমিন ক্কাছিমীয়ে । Voice of Assamese Quran নামৰ ইউটিউব চেনেলটিত উপলব্ধ পৱিত্ৰ কোৰাণ তৰ্জমা । পৰৱৰ্তী সময়ত মোবাইল এপচ মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে কণ্ঠদান কৰা মৌলানা নুৰুল আমিন ক্কাছিমীয়ে ।

লগতে পঢ়ক: নামৰূপত ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব দুটাকৈ প্ৰকল্প

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details