ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আটাছুৰ প্ৰতিবাদ - tribal status to Ahom community

🎬 Watch Now: Feature Video

thumbnail
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আটাছুৰ প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : March 11, 2024 at 4:08 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ১১ মাৰ্চ: সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আটাছু তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিয়ে সোমবাৰে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী আটাছু নেতাসকলে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷

তেওঁলোকে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে চৰম বঞ্চনা কৰাৰ অভিযোগ কৰে ৷ নিৰ্বাচন পিচতেই এই জনগোষ্ঠীকেইটাক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা চৰকাৰখনে বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আটাছুৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

প্ৰতিবাদকাৰীসকলে উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে শাসকীয় চৰকাৰখনক শীঘ্ৰে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ অন্যথা আগন্তুক দিনসমূহত বিজেপিৰ বিৰুদ্ধে গাঁৱে-ভূঞে ব্যাপত প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে ৷

লগতে পঢ়ক: আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details