জনজাতিকৰণৰ দাবীত শিৱসাগৰত আটাছুৰ প্ৰতিবাদ - ATASU PROTEST

🎬 Watch Now: Feature Video

thumbnail
জনজাতিকৰণৰ দাবীত শিৱসাগৰত আটাছুৰ প্ৰতিবাদ (ETV Bharat)

By ETV Bharat Assamese Team

Published : November 14, 2024 at 2:50 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ : ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে । মৰাণ-মটক জনগোষ্ঠীকে ধৰি আহোম জনগোষ্ঠীৰো বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শিৱসাগৰ দৌলমুখ চাৰিআলিত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । আটাছু কৰ্মী তথা বিষয়ববীয়াসকলে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীয়ে অভিযোগ কৰা মতে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ নামত বছৰ বছৰ ধৰি প্ৰৱঞ্চনা কৰি আহিছে । শীঘ্ৰে চৰকাৰে যদি ৬ জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি নিদিয়ে তেনেহ'লে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰো হুংকাৰ দিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে ।

লগতে পঢ়ক :আজি অধিবাসেৰে দক্ষিণপাট সত্ৰত আৰম্ভ ৰাসলীলাৰ কাৰ্যসূচী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details