জনজাতিকৰণৰ দাবীত চচলত আটাছুৰ ধৰ্ণা : ৬ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ - All Tai Ahom Students Union - ALL TAI AHOM STUDENTS UNION

🎬 Watch Now: Feature Video

thumbnail
আটাছুৰ ধৰ্ণাত উত্তাল চচল (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : June 19, 2024 at 1:17 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৯ জুন: প্ৰতিকূল বতৰকো নেওচি জনজাতিকৰণৰ দাবীত আটাছুৰ ধৰ্ণাত উত্তাল চচলৰ ধৰ্ণাস্থলী । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত মঙলবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আটাছুৱে ।

সদৌ অসম টাই আহোম ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চচলৰ ধৰ্ণাস্থলীত টাই আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক:ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আটাছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে, চৰকাৰে টাই আহোম জনগোষ্ঠীকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দি অহাৰ পিছতো আজিপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫৫ লাখ আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ নকৰিলে ।

চৰকাৰৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সংগঠনটোৱে দিল্লীৰ যন্তৰ-মন্তৰত ৬ ছেপ্টেম্বৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে । ধৰ্ণাৰ অন্তত প্ৰতিবাদকাৰীসকলে দিছপুৰ আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: নেতা-মন্ত্ৰীসকলে আহোম জনগোষ্ঠীক কেৱল ট্ৰাম্প কাৰ্ড হিচাপেহে ব্যৱহাৰ কৰি আহিছে : আটাছু - All Tai Ahom Students Union 

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details