পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month - HOLY BHADA MONTH

🎬 Watch Now: Feature Video

thumbnail
ভক্তি ৰসত বিলিন সত্ৰ নগৰী মাজুলী (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 18, 2024 at 10:33 AM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 18 আগষ্ট : আজি পহিলা ভাদ । ভক্তি ৰসত বিলীন হৈছে সত্ৰ নগৰী মাজুলী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীত আৰম্ভ হৈছে ভাদ মহীয়া নাম-প্ৰসংগ । মহাপুৰুষ দুজনাৰ স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল ঐতিহ্যৰে মুখৰিত হৈছে মাজুলীৰ সত্ৰ-নামঘৰসমূহ ।

মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ আৰু প্ৰায় 35 খন সত্ৰত আৰম্ভ হৈছে নাম-প্ৰসংগ । মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰকে ধৰি বিভিন্ন সত্ৰত আৰম্ভ হৈছে নাম প্ৰসংগ । পুৱা ভাগৰ পৰা নাম প্ৰসংগ আৰম্ভ হৈছে সত্ৰানুষ্ঠানসমূহৰ লগতে নামঘৰসমূহত ।

এই গোটেই মাহটোত গুৰু দুজনাৰ পবিত্ৰ মিলন ভূমিত আকাশ বতাহ মুখৰিত হ’ব হৰি নামৰ ধ্বনিৰে ৷ ভকত বৈষ্ণৱসকলৰ লগতে আইসকলৰ নামেৰেও মুখৰিত হ’ব সত্ৰ নগৰী মাজুলী ।

লগতে পঢ়ক : আজি সংক্ৰান্তি : ৰাজ্যৰ সত্ৰ-নামঘৰত আৰম্ভ ভাদমহীয়া নাম-প্ৰসংগ - Auspicious Bhado month

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details