ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ ভকত-বৈষ্ণৱৰ লানি নিচিগা সোঁত - Holy Bhada month - ভাদমহীয়া চাৰিপ্ৰসংগীয়া নাম

🎬 Watch Now: Feature Video

thumbnail
অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 18, 2024 at 12:58 PM IST

1 Min Read
Choose ETV Bharat

টীয়ক, 18 আগষ্ট : আজি অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন । যোৰহাট জিলাৰ পূব প্ৰান্তৰ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ।

ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰ সমান্তৰালকৈ শ্ৰীশ্ৰী ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে । প্ৰতিজন ভকত বৈষ্ণৱে ধূপ-দীপ, নৈবেদ্য আগবঢ়াই পৰিয়াল আৰু ৰাজ্যৰ শান্তিৰ কামনাৰে অক্ষয় বন্তিৰ ওচৰত সেৱা লোৱা দেখা গৈছে ৷

উল্লেখ্য যে, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা মাহজোৰা পালনামত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে । নিজৰ লগতে পৰিয়ালৰ কুশল মংগলৰ বাবে ঈশ্বৰৰ সেৱা লয় । ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ যাতে এই তীৰ্থস্থানত কোনো অসুবিধা নহয় তাৰ বাবে নামঘৰ পৰিচালনা সমিতিয়ে সুপৰিকল্পিতভাৱে সকলো প্ৰকাৰৰ সু-ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

ভাদমহীয়া চাৰিপ্ৰসংগীয়া নামৰ নামাচাৰ্য হিচাপে আছে নামাচাৰ্য অৱনী গোস্বামী । লগতে আজি প্ৰথম ভাদৰ দিনা নামঘৰ পৰিচালনা সমিতিয়ে এখনি শৰাই, অক্ষয় বন্তিত তেল আগবঢ়াই সৰ্বাংগীন উন্নয়ন কামনা কৰিছে ।

লগতে পঢ়ক : পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details