অসমবাসীৰ ওচৰত চিৰকৃতজ্ঞ বিদুৰভাইৰ পৰিচালক - Assamese film Bidurbhai

🎬 Watch Now: Feature Video

thumbnail
বিদুৰভাইৰ সফল যাত্ৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 20, 2024 at 10:24 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট, 20 জুলাই : সমগ্ৰ অসমতে শুকুৰবাৰে মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত অসমীয়া ছবি ‘বিদুৰভাই’-এ । ৱেব চিৰিজ হিচাপে অভূতপূৰ্ব সফলতা লাভ কৰা পিচত ছবি হিচাপে ৰূপালী পদাত যাত্ৰা আৰম্ভ কৰিলে ‘বিদুৰভাই’-এ । ৰাজ্যৰ বহু সংখ্যক ছবি গৃহতে মুক্তি লাভ কৰিলে ‘বিদুৰভাই’-এ । মুক্তিৰ পূৰ্বেই দৰ্শকৰ ছবিখনে লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি । ৰাজ্য প্ৰায় সংখ্যক ছবিগৃহতে প্ৰতিটো দৰ্শনীয়ে ইতিমধ্যে হাউচফুল হৈ পৰিছে ৷

আনহাতে 19 জুলাইত যোৰহাটৰ ছবিগৃহত বিশেষ প্ৰচাৰৰ বাবে উপস্থিত হয় বিদুৰভাই টীম ৷ পৰিচালক সুব্ৰত কাকতিয়ে কয়, ‘‘ছবিখন ৰাইজে আঁকোৱালি ল’ব নে নাই তাক লৈ আমি সন্দেহত আছিলো ৷ কাৰণ বেৱ ছিৰিজ ৰূপত প্ৰকাশ পাইছিল বিদুৰভাই । এতিয়া সেই সন্দেহ দূৰ হ’ল, আমি ভবাতকৈয়ো বেছি সঁহাৰি লাভ কৰিছো ৷ এনেদৰে আমাক মৰম আৰু সঁহাৰি দিয়াৰ বাবে অসমবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ ।’’

উল্লেখ্য যে, Rootstock Entertainments ৰ বেনাৰত পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক : অসমৰ আকাশে-বতাহে এতিয়া মাথো বিদুৰভাই; চিনেমা হলত চকী খালী নাই - BIDURBHAI IN BIG SCREEN

সন্তান প্ৰসৱৰ পাচত এগৰাকী মাতৃৰ যি সুখ, আমাৰো তেনেকুৱাই হৈছে চাগে- সুব্ৰত কাকতি - Assamese film Bidurbhai