অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ কাৰ্বি আংলং জিলা সমিতি গঠন - Assam Tribal Cultural Mahasabha - ASSAM TRIBAL CULTURAL MAHASABHA

🎬 Watch Now: Feature Video

thumbnail
অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ সভাপতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : September 29, 2024 at 1:28 PM IST

2 Min Read
Choose ETV Bharat

ডিফু, ২৯ ছেপ্টেম্বৰ : এবছৰ পূৰ্বে গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনত গঠন হোৱা অসম জনজাতীয় সাংস্কৃতিক মহাসভাই শনিবাৰৰ পৰা আৰম্ভ কৰিছে জিলা সমিতি গঠনৰ প্ৰক্ৰিয়া ৷ শনিবাৰে অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ মুখ্য উপদেষ্টা তথা কে চি এছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ৰ নেতৃত্বত ডিফুৰ তাৰালাংচ’ত গঠন হয় সাংস্কৃতিক মহাসভাৰ কাৰ্বি আংলং জিলা সমিতি  ৷  

কাৰ্বি সাংস্কৃতিক সমাজৰ আমন্ত্ৰণ ক্ৰমে তাৰালাংচ’ৰ কাৰ্বি পিপ'লছ হলত মহাসভাৰ উপ-সভাপতি হোমছিং বে’ৰ সভাপতিত্বত অনুষ্ঠিত সভাত দৰছিং দেৰাক সভাপতি ৰূপে লৈ গঠন কৰা হয় কাৰ্বি আংলং জিলা সমিতিখন ৷ অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ আগষ্টত ডিব্ৰুগড়ত হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে  অহা ২২,২৩ আৰু ২৪ নৱেম্বৰত ডিফুৰ তাৰালাংচ’ত অসমৰ বিভিন্ন জনজাতিৰ সাংস্কৃতিক দলক লৈ সম্পন্ন হ’ব এক সাংস্কৃতিক সমাৰোহ ৷  

এই  বৈঠকত উপস্থিত থকা কাৰ্বি, বড়ো, মিচিং, তিৱা, ৰেংমা, নগা, ডিমাছা, কুকি আদি জনগোষ্ঠীৰ লোকসকলে এই পদক্ষেপক আদৰণি জনায় ৷ কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই শীঘ্ৰে এই সমাৰোহৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷  ৰাজ্যিক সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে এই প্ৰচেষ্টাই অসমৰ সকলো জনজাতি অ-জনজাতিৰ মাজত ঐক্য-সম্প্ৰীতি বৃদ্ধি কৰাৰ লগতে বৰঅসম গঢ়াত অধিক ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰিব বুলি কয় ৷

লগতে পঢ়ক:পেঞ্চনপ্ৰাপ্ত সাংবাদিক বৃদ্ধি কৰাৰ দাবী অসম ৰাজ্যিক সাংবাদিক সন্থাৰ - Assam State Journalists Association

প্লাষ্টিকৰ বেনাৰত নহয়, এইবাৰ বাঁহৰ চুঙাত পৰিৱেশ ৰক্ষাৰ শ্ল'গান - World Tourism Day 2024

ABOUT THE AUTHOR

...view details